শনিবাৰে মুক্তি পালে ছলমানৰ নতুন ছবি ‘ৰাধে’ৰ পোষ্টাৰ । ছলমান খানে নিজৰ ইনস্টাগ্রাম একাউন্টত শ্বেয়াৰ কৰিলে পোষ্টাৰৰ ফটো। ঘটনাক্ৰমে, ‘ৰাধে’ আৰু ‘ৱাণ্টেড’ৰ দৰেই একচন ধাৰাৰ ছবি আৰু ইয়াৰ পৰিচালনা কৰিছে প্ৰভুদেৱাই।
ছবিগৃহত ছবিখন মুক্তি কৰাৰ আবেদন জনাই ছালমানক চিঠি লিখিছিল চিত্ৰ প্ৰদৰ্শকে । কাৰণ তেওঁলোকৰ দৃঢ় বিশ্বাস ছলমানৰ ছবিয়ে তলাবন্ধত হোৱা লোকচান পুনৰ ছবিখন বক্স অফিচলৈ ঘূৰাই আনিব। নিৰাশ কৰা নাছিল ছলমানেও । ৰাধে:’ইয়ৰ ম’ষ্ট ৱাণ্টেড ভাই’ ১৩ মে’ত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে।
Eid ka commitment tha, Eid par hi aayenge kyun ki ek baar jo maine…….#RadheOn13thMay #2MonthsToRadhe@bindasbhidu @DishPatani @RandeepHooda @PDdancing @SKFilmsOfficial @ZeeStudios_ @SohailKhan @atulreellife @ReelLifeProdn @ZeeMusicCompany pic.twitter.com/mvBxUJPSFp
— Salman Khan (@BeingSalmanKhan) March 13, 2021
নিজৰ জন্মদিনত তেওঁ কৈছিল যে ‘ৰাধে’ চলিত বৰ্ষতে মুক্তি পাব। ছলমানে তেওঁৰ কথা ৰাখিলে। তেওঁ অনুৰাগীসকলক তেওঁ নিৰাশ নকৰিলে। ৰাধেৰ পোষ্টাৰখন তেওঁ শ্বেয়াৰ কৰি তেওঁ জনালে যে তেওঁৰ কথা ৰাখি ইদত নিজৰ ছবি লৈ আহি আছে ছালমান। অপেক্ষা মাত্ৰ দুই মাহ। তাৰ পাছত, বলিউড প্ৰেমীসকলে পুনৰ ডাঙৰ পৰ্দাত ‘ভাইজান’ ।
ছলমানৰ উপৰিও, দিশা পাটনি,জ্যাকি শ্রফ আৰু ৰণদীপ হুদাক ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব। প্ৰভুদেৱৰ স’তে ছলমানৰ এইটো তৃতীয়টো কাম। ‘ৱাণ্টেড’ৰ উপৰিও, অভিনেতা-পৰিচালক দুয়োজনে ‘ডাৱাঙত ‘ত একেলগে কাম কৰিছে।