ধুবুৰীত উপস্থিত দুই সাধাৰণ পৰ্যৱেক্ষক

গোলকগঞ্জৰ বাবে এজন, ধুবুৰী আৰু গৌৰীপুৰৰ বাবে এজন পৰ্যৱেক্ষক নিযুক্তি

images 1

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী আৰু গৌৰীপুৰ সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিযুক্তি দিয়া সাধাৰণ পৰ্যৱেক্ষক সতীশ মহাদেউ লখাণ্ডে আহি ধুবুৰীত উপস্থিত হয় ৷ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সতীশ মহাদেউ লখাণ্ডেই ধুবুৰী আৰু গৌৰীপুৰ সমষ্টিৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰ্যৱেক্ষণ কৰিব ৷ তেওঁ ধুবুৰী আৱৰ্ত ভৱনত থাকিব ৷

প্ৰাৰ্থী আৰু সাধাৰণ ৰাইজে বিয়লি চাৰি বজাৰ পৰা পাঁচ বজাৰ ভিতৰত তেওঁক সাক্ষাৎ কৰিব পাৰিব ৷ লখাণ্ডেক তেওঁৰ মোবাইল নম্বৰ ৯৩৯৪৪২৮৩১৮ ত ৰাইজে নিৰ্বাচন সম্পৰ্কীয় যিকোনো অভিযোগৰ বাবে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰিব ৷

ইপিনে, ভাৰতৰ নিৰ্বাচন আয়োগে ধুবুৰী নিৰ্বাচন জিলাৰ গোলকগঞ্জ সমষ্টিৰ বাবে নিযুক্তি দিয়া সাধাৰণ পৰ্যৱেক্ষক কান্ত কিশোৰ মিশ্ৰও আহি ধুবুৰীত উপস্থিত হয় ৷ তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া ৷ মিশ্ৰই গোলকগঞ্জ সমষ্টিৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰ্যৱেক্ষণ কৰিব ৷ তেওঁ ধুবুৰী আৱৰ্ত ভৱনত থাকিব ৷

প্ৰাৰ্থী আৰু সাধাৰণ ৰাইজে বিয়লি চাৰি বজাৰ পৰা পাঁচ বজাৰ ভিতৰত তেওঁক সাক্ষাৎ কৰিব পাৰিব ৷ পৰ্যৱেক্ষকগৰাকীৰ যোগাযোগৰ নম্বৰ হৈছে ৯৩৯৪৪২৮৩১৬ ৷

Exit mobile version