আজি পুৱা নগাঁও জিলাৰ পাঠৰি চাৰিআলিত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় আৰু দুজন লোক গুৰুত্বৰভাৱে আহত হয় ।
ADVERTISEMENT
আহত হোৱা লোক দুজন ধিঙৰ ক্ৰমে ময়দুল ইছলাম আৰু হায়াত উল্লাহ । আহতসকলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
ধিঙৰ পৰা লংকা অভিমুখী মাছ কঢ়িওৱা AS02BC411 নম্বৰৰ বাহনখনত তীব্ৰবেগী এখন ট্ৰাকে খুন্দা মাৰে ।