প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো ক’ভিড আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাহ

প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো কৰ’না আক্ৰান্ত হ’ল জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সাংসদ ফাৰুক আব্দুল্লাহ । মংগলবাৰে পুত্ৰ অমৰ আব্দুল্লাহই টুইট কৰি জনায় যে, তেওঁৰ পিতৃৰ কৰ’না পৰীক্ষণৰ ৰিপ’ৰ্ট পজিটিভ । শৰীৰত কৰ’নাৰ উপসৰ্গও পৰিলক্ষিত হৈছে ।

নেছনেল কনফাৰেন্সৰ প্ৰধান ফাৰুকে যোৱা দুই মাৰ্চত শ্ৰীনগৰৰ এখন চিকিৎসালয়ত কৰ’না প্ৰতিষেধকৰ প্ৰথম ডোজ গ্ৰহণ কৰিছিল । কিছুদিনৰ পাছতে তেওঁ দ্বিতীয় ডোজ গ্ৰহণ কৰিবলগীয়া আছিল । ইয়াৰ পূৰ্বেই তেওঁ ক’ভিড আক্ৰান্ত হয় । নেছনেল কনফাৰেন্সৰ নেতা অমৰে টুইটাৰত এই সংবাদ জনায় লিখে, তেওঁ আৰু তেওঁৰ পৰিয়ালবৰ্গই ইতিমধ্যে নিজ গৃহতে কুৱাৰেণ্টাইনত আছে । তেওঁলোকৰ ক’ভিড পৰীক্ষণ নোহোৱালৈকে তেওঁলোক কুৱাৰেণ্টাইনতে থাকিব ।

মংগলবাৰে পুৱা প্ৰায় ন বজাত অমৰে টুইট কৰে, ‘মোৰ পিতৃৰ ক’ভিড পৰীক্ষণৰ ৰিপ’ৰ্ট পজিটিভ আহিছে । তেওঁৰ শৰীৰত কৰ’নাৰ উপসৰ্গও পৰিলক্ষিত হৈছে । মই আৰু মোৰ পৰিয়ালবৰ্গই ইতিমধ্যে কুৱাৰেণ্টাইনত আছো । যেতিয়ালৈ আমাৰ ক’ভিড পৰীক্ষণ নহয় । মোৰ অনুৰোধ, সম্প্ৰতি যিসকলে মোৰ সংস্পৰ্শত আহিছে তেওঁলোকেও জৰুৰী সতৰ্কতাসমূহ মানি চলক ।’

প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুকৰ বয়স ৮৪ বছৰ । কিছুদিন পূৰ্বে তেওঁৰ বৃক্ক প্ৰতিষ্ঠাপন হৈ গৈছে । প্ৰথম পৰ্যায়ৰ টিকাকৰণৰ অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰতিষেধক প্ৰদান কৰা হৈছিল সত্তোৰ্ধ্ব নাগৰিকসকলক । যোৱা দুই মাৰ্চত শ্ৰীনগৰৰ সেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সত প্ৰতিষেধক গ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁৰ পত্নীয়ে । টুইট কৰি প্ৰতিষেধক গ্ৰহণ কৰাৰ তথ্যও জনাইছিল অমৰে ।

Exit mobile version