প্ৰতি বছৰে এক এপ্ৰিল দিনটো ‘এপ্ৰিল ফোল’ দিৱস হিচাপে পালন কৰা হয় । এপ্ৰিল ফোল দিৱস পালনৰ সঠিক কাৰণ স্পষ্ট নহয় যদিও এই দিনটোত বৃদ্ধ, যুৱক-যুৱতী সকলোৱে খুহুতীয়া কথা কৈ বা কাৰচাজি কৰি দিনটো আনন্দ উল্লাসেৰে উপভোগ কৰে ।
জনশ্ৰুতি অনুসৰি, ‘এপ্ৰিল ফোল দিনটো উত্তৰ গোলাৰ্ধত বসন্ত ঋতুৰ প্ৰথম দিনটোৰ স’তে জড়িত ।’ কিছুসংখ্যকৰ মতে আকৌ এই দিনটো, ‘অপ্ৰত্যাশিত পৰিৱৰ্তিত বতৰৰ স’তে জড়িত ।’
এপ্ৰিল ফোল দিৱসৰ ইতিহাস
বুৰঞ্জীবিদসকলৰ অনুসৰি, ‘১৫৮২ত ফ্ৰান্স জুলিয়নৰ পৰা গ্ৰেগৰিয়ান কেলেণ্ডাৰলৈ পৰিৱৰ্তন হৈছিল ।’
কিছুসংখ্যক বুৰঞ্জীবিদৰ অনুসৰি, ‘এপ্ৰিল ফোল দিৱসটো হিলেৰিয়া নামে এটি উৎসৱৰ স’তে জড়িত । লেটিন ভাষাত হিলেৰিয়াৰ অৰ্থ উৎফুল্লিত । প্ৰাচীন ৰোমত এই দিৱসটোত সহকৰ্মী, খেলৰ স’তে ধেমালি কৰা হৈছিল ।’
এই দিৱসটো ভাৰতীয় উৎসৱ হোলি, পাৰ্ছিয়ান উৎসৱ ছিজদাহ বেদৰ আৰু জিৱিছসকলৰ পুৰিম উৎসৱৰ সময়তে পালন কৰা হয় । বসন্তৰ এই তিনিটি উৎসৱে সকলোৰে মনত আনন্দ উদ্দীপনা লৈ আহে ।