আজি ছেমছাঙে আইলাইক ফাণ্ডাছ নামে এটা কেমেৰা আৰম্ভ কৰিছে যিয়ে গেলেক্সীৰ পুৰণা স্মাৰ্টফোনবোৰক চকুৰ ৰোগ নিৰ্ণয় কৰা অথেলমিক সঁজুলিত ৰূপান্তৰিত কৰে । নতুন ডিভাইছটো গেলেক্সী আপচাইক্লিং প্ৰ’গ্ৰেমৰ অধীনত নিৰ্মাণ কৰা হৈছে ।
ইয়াৰ লক্ষ্য হৈছে পুৰণা গেলেক্সী স্মাৰ্টফোনবোৰক চিকিৎসা নিৰ্ণয় কৰা কেমেৰাত পুনৰ্নিমাণ কৰা । ছেমছাঙে ইয়াৰ গেলেক্সী আপচাইক্লিং প্ৰ’গ্ৰেমটো ভাৰতৰ লগতে ভিয়েটনাম, মৰক্কো আৰু পাপুৱা নিউ গিনিটো প্ৰসাৰিত কৰিছে । এই প্ৰ’গ্ৰেমটো ২০১৭ত দক্ষিণ কোৰিয়াত পুৰণা স্মাৰ্টফোনবোৰক সদ্ব্যৱহাৰ কৰিবলৈ প্ৰৱৰ্তন কৰা হৈছিল ।
ফাণ্ডাছ কেমেৰাটো স্বাস্থ্য সংস্থাৰ সহযোগিতাত প্ৰস্তুত কৰা হৈছে । আইলাইক হেণ্ডহেল্ড ফাণ্ডাছ কেমেৰাটো এটা লেন্স সংযুক্তিৰ স’তে সংযোগ কৰি চিত্ৰবোৰ বিশ্লেষণ আৰু অথেলমিক ৰোগ নিৰ্ণয়ৰ বাবে পুৰণি গেলেক্সী স্মাৰ্টফোনত এটা কৃত্ৰিম ইণ্টেলিজেন্স (এআই) এলগ’ৰিডমৰ ব্যৱহাৰ কৰে । ই ৰোগীৰ ডেটা কেপচাৰ কৰিবলৈ আৰু চিকিৎসাৰ বাবে পৰামৰ্শ প্ৰদান কৰিবৰ বাবে এটা এপ্লিকেচনৰ স’তে সংযোগ স্থাপন কৰে ।