আকৌ এবাৰ গভীৰ সংকটৰ সন্মুখীন হ’ল ইমৰান খান শাসিত পাকিস্তান। এফ এ টি এফৰ ধূসৰ তালিকাৰ পৰা নিজক মুক্ত কৰিবলৈ বিফল হােৱা পাকিস্তানক এইবাৰ ব্রিটেইনে অন্তর্ভুক্ত কৰিলে বিশ্বৰ অতি বিপজ্জনক দেশৰ তালিকাত।
বিত্তীয় কেলেংকাৰি আৰু সন্ত্রাসবাদক বিত্তীয় পৃষ্ঠপােষকতা প্রদানৰ অভিযােগত ব্রিটেইনে বিশ্বৰ অতি বিপজ্জনক দেশৰ তালিকাত স্থান দিলে পাকিস্তানক।
ইমৰানৰ দেশখনে এই তালিকাত অন্তর্ভুক্ত হােৱাৰ ফলত আকৌ এবাৰ আন্তর্জাতিক মঞ্চত অপদস্থ হ’ল। উল্লেখ্য যে ব্রিটেইনে প্রস্তুত কৰা বিশ্বৰ অতি বিপজ্জনক দেশৰ তালিকাত মুঠ ২১ খন দেশ অন্তর্ভুক্ত হৈছে।
পাকিস্তানৰ বাদেও এই তালিকাত আলবেনিয়া, বার্বাডােজ, কম্বােডিয়া, পানামা, ছেনেগাল, ছিৰিয়া, উগাণ্ডা, জিম্বাব’ৱে আদি দেশৰ নাম অন্তর্ভুক্ত হৈছে।
পাকিস্তানত এইদৰে বিশ্বৰ অতি বিপজ্জনক দেশৰ তালিকাভুক্ত কৰাত তীব্র অসন্তুষ্টি প্রকাশ কৰিলে ইছলামাবাদে। মঙলবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র জাহিদ হাফিজ চৌধুৰীয়ে দাবী কৰি কয় যে কোনাে উপযুক্ত তথ্যপ্রমাণ অবিহনে পাকিস্তানক এই তালিকাভুক্ত কৰা হৈছে।
বিষয়টো ৰাজনৈতিক উদ্দেশ্যপ্রণােদিত বুলিও চৌধুৰয়ে অভিযােগ কৰে। আশা কৰাে তথ্যপ্রমাণ পৰীক্ষা কৰি আৰু ৰাজনৈতিক উদ্দেশ্যৰে পৰা আঁতৰি আহি এই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিব ব্রিটেইনে; চৌধুৰীয়ে এইদৰে কয়। উল্লেখ্য যে, ২০১৮ জুনত এফ এ টি এফে পাকিস্তানক ধূসৰ তালিকাভুক্ত কৰিছিল।