দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা হৰিদ্বাৰৰ কুম্ভমেলা সন্দৰ্ভত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি প্ৰতীকী ৰূপত কুম্ভমেলা উদ্যাপনৰ বাবে আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । জুনা আখৰাৰ স্বামী অৱধেশানন্দৰ স’তে এই বিষয়ত ফোনত কথা-বাৰ্তা হৈছে বুলি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্তাৱত সমৰ্থন জনায় তেওঁ ভক্তসকলক ভিৰ কৰি গংগাস্নানৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় ।
আজি প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে, ‘আচাৰ্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিৰ স’তে ফোনত কথা হৈছে । সাধুসন্তসকলৰ খবৰ ল’লো । সকলোৱে প্ৰশাসনৰ স’তে সহযোগিতা কৰিছে । ইয়াৰ বাবে সন্তসকলক কৃতজ্ঞতা জনাইছো । দুটা গংগাস্নান ইতিমধ্যে সম্পন্ন হৈছে । কৰ’না সংকটৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছো যে সম্প্ৰতি কুম্ভমেলা প্ৰতীকী ৰূপতেই উদ্যাপন কৰক, ই এই সংকটৰ স’তে যুঁজাত আমাক শক্তি জোগাব ।’
मैंने प्रार्थना की है कि दो शाही स्नान हो चुके हैं और अब कुंभ को कोरोना के संकट के चलते प्रतीकात्मक ही रखा जाए। इससे इस संकट से लड़ाई को एक ताकत मिलेगी। @AvdheshanandG
— Narendra Modi (@narendramodi) April 17, 2021
প্ৰধানমন্ত্ৰীৰ টুইটৰ পাছতে তেওঁৰ প্ৰস্তাৱত সমৰ্থন জনায় স্বামী অৱধেশানন্দই টুইট কৰে, ‘প্ৰধানমন্ত্ৰীৰ অনুৰোধক সন্মান জনাইছো । সকলোকে অনুৰোধ জনাইছো, আপোনালোকে ক’ভিড পৰিস্থিতিত বিপুল সংখ্যাত গংগাস্নান কৰিবলৈ নাহিব আৰু সকলো বিধিনিষেধ মানি চলক ।’
माननीय प्रधानमंत्री जी के आह्वान का हम सम्मान करते हैं ! जीवन की रक्षा महत पुण्य है।मेरा धर्म परायण जनता से आग्रह है कि कोविड की परिस्थितियों को देखते हुए भारी संख्या में स्नान के लिए न आएँ एवं नियमों का निर्वहन करें ! @narendramodi @AmitShah @TIRATHSRAWAT #KumbhMela2021 #कुम्भ https://t.co/dNjPPnDztQ
— Swami Avdheshanand (@AvdheshanandG) April 17, 2021