গুৱাটেমালাত আছে জাগ্ৰত আগ্নেয়গিৰী । আগ্নেয়গিৰীৰ পৰা নিৰ্গত হৈছে লাভা । সেই লাভাতে পিৎজা বনাই ভিডিঅ’ শ্বেয়াৰ কৰিছে ডেভিদ গাৰ্চিয়া নামে এজন যুৱকে । ৩৪ বছৰীয়া যুৱকজনে পিৎজা বনাবৰ বাবে প্ৰয়োজনীয় সকলো উপকৰণ লগত লৈ গৈছিল । লাভাৰ উত্তাপত যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে তেওঁ সকলোধৰণৰ সতৰ্কতাও অৱলম্বন কৰে ।

তেওঁ গৰম লাভাৰ ওপৰত ধাতুৰ পাত্ৰ বহাইছিল । তাৰ ওপৰতে পিৎজা প্ৰস্তুত কৰা হয় । এক সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি, সেই স্থানত পৰ্যটনৰ বাবে অহা সকলো পৰ্যটকে ডেভিদে বনোৱা পিৎজাৰ সোৱাদ লয় ।

শেহতীয়া এক সাক্ষাৎকাৰত ডেভিদে কয়, ‘প্ৰায় আঠশ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত ১৪ মিনিট ধৰি পিৎজা প্ৰস্তুত কৰা হৈছে । সেইটো খাবলৈও সুস্বাদু ।’ লাভাৰ ওপৰত প্ৰস্তুত কৰা এই পিৎজাক সামাজিক মাধ্যমত ‘পাকায়া পিৎজা’ আখ্যা দিয়া হৈছে ।
https://twitter.com/AFP/status/1392464577221197832?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1392464577221197832%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fviral-video-man-cooks-pizza-on-active-pacaya-volcano-in-guatemala-dgtl%2Fcid%2F1281063






























