বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ পৰলোকপ্ৰাপ্তিত গোসাইগাঁৱত গভীৰ শোক

20210502 182955

কোকৰাঝাৰ জিলাৰ ২৮ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ বিপিএফৰ বিধায়ক তথা বিপিএফৰ গোসাইগাঁও জিলা সমিতিৰ সভাপতি মাজেন্দ্ৰ নাৰ্জাৰীৰ আজি পৰলোকপ্ৰাপ্তি ঘটে ৷ পুৱা ৫:৫০ বজাত গুৱাহাটী জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ৷

ইতিমধ্য ক’ভিডৰ পৰা মুক্তি লাভ কৰিছিল যদিও কালি পুৱা ব্ৰেইন ষ্ট্ৰোক হৈ পুনৰ অসুস্থ হয় ৷ তেওঁৰ মৃত্যুৎ গোসাইগাঁও জিলা বিপিএফে গভীৰ শোক প্ৰকাশ কৰি দলীয় পতাকা অৰ্ধ নিৰ্মিত কৰে ৷

আজি পুৱা বিপিএফৰ গোসাইগাঁও জিলা কাৰ্যালয়ত দলীয় নেতা কৰ্মীসকলে শোক সভা কৰি শোক প্ৰকাশ কৰে ৷ তেঁওৰ মৃত্যুৰ খবৰ পাই বহু গুণমুগ্ধই তেওঁৰ গৃহত উপস্থিত হৈ শোক প্ৰকাশ কৰে ৷

বিয়লি দুই বজাত তেওঁৰ নশ্বৰ দেহ স্বগৃহলৈ লৈ অহাত এক শোকাকুল পৰিৱেশ বিৰাজ কৰে । বিপিএফৰ দলীয় নেতা কৰ্মীসকলে বিধায়কগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, ৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী, আঠ নং দোতমা সমষ্টিৰ এমচিএলএ প্ৰকাশ বসুমাতাৰী, বিপিএফ নেতা শোভাৰাম বসুমাতাৰী আৰু বিপিএফ দলৰ বিভিন্ন কৰ্ম কৰ্তাসকলৰ লগতে তেওঁৰ বহু গুণমুগ্ধ উপস্থিত থাকে ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ অসম চৰকাৰৰ কেবিনেট মন্ত্রী ব্ৰহ্ম‌ আৰু শুক্লবৈদ্যই বিধায়ক নাৰ্জাৰীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে । নাৰ্জাৰীৰ মৃত্যুত বিটিআৰ তথা অসমৰ ৰাজনীতিত এক অপূৰণীয় ক্ষতি হ’ল বুলি সদৰী কৰে মন্ত্রীদ্বয়ে ।

Exit mobile version