বিধায়ক পুঁজিৰ ধনেৰে শ্ৰীৰামপুৰত পকী নলা নিৰ্মাণকাৰ্য আৰম্ভ কৰিলে শ্ৰীৰামপুৰৰ এমচিএলএ সজল সিংহে

WhatsApp Image 2021 05 31 at 6.33.58 PM

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ কলনিত আজি এখন পকী নলা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে শ্ৰীৰামপুৰ সমষ্টিৰ এমচিএলএ সজল কুমাৰ সিংহে ।

গোসাঁইগাঁও সমষ্টিৰ প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ ২০১৯-২০ বৰ্ষৰ বিধায়ক পুঁজিৰ ১০ লাখ টকা ব্যয়েৰে হ’বলগীয়া ১৮০ মিটাৰ পকী নলা নিৰ্মাণৰ কাম আজি আৰম্ভ কৰা হয় ।

বাকী থকা অংশৰ কাম শ্ৰীৰামপুৰৰ এমচিএলএ সজলে সম্পূৰ্ণ কৰিব বুলি আজি নলাৰ কামৰ উদ্বোধন কৰি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ।

Exit mobile version