সাংবাদিক বিনোদ দোৱাৰ বিৰুদ্ধে থকা দেশদ্ৰোহীৰ গোচৰ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে । লগতে শীৰ্ষ ন্যায়ালয়ে জনায় যে, ১৯৬২ৰ এক নিৰ্দেশনা অনুসৰি দেশদ্ৰোহীৰ গোচৰত প্ৰত্যেক সাংবাদিকৰে সুৰক্ষা লাভৰ অধিকাৰ আছে ।
বিগত বৰ্ষত দিল্লীত সংঘৰ্ষৰ ঘটনাক লৈ অনুষ্ঠান কৰাৰ বাবেই বিনোদৰ বিৰুদ্ধে দেশদ্ৰোহীৰ গোচৰ ৰুজো কৰে এজন বিজেপি নেতাই । তেওঁৰ বিৰুদ্ধে ভুৱা খবৰ প্ৰচাৰ কৰা, মানহানী কৰা, পৰিস্থিতি উত্তপ্ত কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰা হয় । এই অভিযোগৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় বিনোদ । শীৰ্ষ ন্যায়ালয়ে এই গোচৰ খাৰিজ কৰে ।
বিনোদে আবেদন কৰিছিল যে, উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ক যাতে ১০ বছৰ সাংবাদিকতাৰ অভিজ্ঞতা থকা লোকৰ বিৰুদ্ধে এনেধৰণৰ কোনো এফআইআৰ দাখিল কৰিব নোৱাৰে । অৱশ্যে ন্যায়ালয়ে এই আবেদন খাৰিজ কৰিছে ।
ন্যায়াধীশ ইউইউ ললিত আৰু বিনিত চৰনৰ বেঞ্চে জনায়, এনেধৰণৰ নিৰ্দেশৰ ফলত আইন ব্যৱস্থা বিঘ্নিত হ’ব । লগতে কয়, ‘দেশদ্ৰোহীৰ গোচৰত ১৯৬২ৰ নিৰ্দেশ অনুযায়ী প্ৰত্যেক সাংবাদিকৰে সুৰক্ষা লাভ কৰাৰ অধিকাৰ আছে । এই দিশটো আমি লক্ষ্য ৰাখিব লাগিব ।’
১৯৬২ৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী, চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰাৰ অৰ্থ হ’ল চৰকাৰক উন্নতিৰ পথ প্ৰদৰ্শন কৰা । ইয়াত আইন ভংগ নহয় । এই নিৰ্দেশনাৰ কথা উল্লেখ কৰিছে ন্যায়াধীশসকলে ।