ঘৰতে যদি পিৎজা আনি দিব পাৰে, তেন্তে একেদৰে ৰেচন কিয় দিব নোৱাৰে ? কেন্দ্ৰক প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । চৰকাৰক তেওঁ আবেদন কৰে, ‘হাত জোৰ কৰিছো মোক ঘৰে ঘৰে ৰেচন পঠোৱাৰ অনুমতি দিয়ক ।’
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দৰে দিল্লীবাসীৰ দুৱাৰত ৰেচন দিয়াৰ পৰিকল্পনা কৰিছিল । সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আছিল এই প্ৰকল্পটো । কিন্তু ইয়াৰ ঠিক দুদিন আগত প্ৰকল্পটো কেন্দ্ৰই স্থগিত কৰিবলৈ নিৰ্দেশ দিয়ে । কেজৰিৱালে জানিব বিচাৰে, ‘দিল্লীত ঘৰে ঘৰে ৰেচন প্ৰকল্প আৰম্ভ কৰাৰ ঠিক দুদিন আগত প্ৰকল্প বন্ধ কৰিব দিলে কেন্দ্ৰই । যদি কৰ’না পৰিস্থিতিত ঘৰৰ দুৱাৰ মুখত পিৎজা দিব পাৰি, তেন্তে ৰেচন কিয় নোৱাৰি ?’
দিল্লী চৰকাৰৰ এই পৰিকল্পনাত লক্ষাধিক আৰ্থিকভাৱে দুৰ্বল লোক আৰু নিম্নবৰ্গীয় দিল্লীবসী উপকৃত হ’ল হয় বুলি জনায় মুখ্যমন্ত্ৰী কেজৰিৱালে জানিব বিচাৰে, ‘কেন্দ্ৰক হাত জোৰ কৰি মোৰ নিবেদন, দয়া কৰি মোক ঘৰে ঘৰে ৰেচন পঠোৱাৰ অনুমতি দিয়ক ।’
‘মুখ্যমন্ত্ৰী ঘৰ ঘৰ ৰেচন যোজনা’ নামে এই প্ৰকল্পৰ জৰিয়তে দিল্লীৰ ৭২ লাখ ৰেচন কাৰ্ডধাৰকক চাউল আৰু আটা দিয়াৰ ব্যৱস্থা কৰিছিল আম আদমি পাৰ্টি চৰকাৰে । কেন্দ্ৰৰ দাবী, এই প্ৰকল্প আৰম্ভ কৰিবৰ বাবে কেন্দ্ৰৰ অনুমতি লোৱা নাই । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযোগ খাৰিজ কৰিছে ।
দেওবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘আইন অনুসৰি, দিল্লী চৰকাৰে এনেধৰণৰ প্ৰকল্পৰ বাবে কেন্দ্ৰৰ অনুমতি ল’বলৈ বাধ্য নহয় । তৎস্বত্তেও সৌজন্যৰ বাবে আমি কেন্দ্ৰৰ অনুমতি লৈছিলো । এবাৰ নহয়, পাঁচবাৰ ।’ তেওঁৰ দাবী, ইয়াৰ পাছতো কেন্দ্ৰই দিল্লীৰ দুৱাৰত ৰেচন প্ৰকল্প বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, ইয়াৰ কাৰণ ৰেচন দালাল । তেওঁলোকৰ কথাতেই কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি অভিযোগ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী কেজৰিৱালে সম্প্ৰতি জনায় যে, ৭২ লাখ মানুহে প্ৰতি মাহে ৰাজসাহায্যসহ পাঁচ কেজিকৈ ৰেচন লাভ কৰিব ।
কেন্দ্ৰই পৰকল্পটো বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰীগলাকীয়ে কয়, কৰ’না পৰিস্থিতিত ৰেচনৰ দোকানবোৰত ভিৰ হোৱাৰ বাবে, ভাইৰাছ সংক্ৰমণ হোৱাৰ কেন্দ্ৰ হৈ পৰিছে । সেয়ে এনে পৰিস্থিতিত ভিৰ নকৰি দিল্লীবাসীক ৰেচন দিয়াই প্ৰকল্পটোৰ লক্ষ্য । কিন্তু কেন্দ্ৰৰ নিৰ্দেশৰ ফলত ৭২ লাখ দিল্লীবাসী সমস্যাত পৰিব ।





























