নুছৰতৰ যদি বিয়া হােৱা নাছিল, নিমন্ত্রণ কেনেকৈ খালে মমতাই

প্রশ্ন বিজেপি সভাপতিৰ

1 1

তৃণমূল কংগ্ৰেছৰ সাংসদ তথা অভিনেত্রী নুছৰত জাহানৰ বিবাহ বিতর্কক লৈ ৰাজনৈতিক প্রতিক্রিয়া অব্যাহত আছে। এইবাৰ বিষয়টোৰ সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক সাঙুৰি কটাক্ষ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘােষে।

নুছৰত বিতর্কত প্রতিক্রিয়া প্রকাশ কৰি ঘােযে কয়, ‘বিয়া যদি হােৱা নাছিল, তেন্তে নিমন্ত্রণত উপস্থিত থাকি মমতা বেনাৰ্জীয়ে বিয়া খালে কেনেকৈ? ডাঙৰ প্ৰতাৰণা। ‘উল্লেখ্য যে নুছৰত আৰু নিখিল জৈনৰ তুৰস্কত বিবাহ সম্পন্ন হােৱাৰ পাছত কলকাতাৰ এখন বিলাসী হােটেলত অভ্যর্থনাৰ আয়ােজন কৰা হৈছিল আৰু উক্ত অভ্যর্থনাত মুখ্যমন্ত্রী মমতা উপস্থিত আছিল।

কিছুদিন পূর্বে সাংসদ নুছৰতে দাবী কৰি কৈছিল যে নিখিলৰ স’তে তেওঁৰ বিবাহ হােৱা নাছিল,বৰঞ্চ তেওঁ নিখিলৰে ‘লিভ ইন’ সম্পৰ্কতহে আছিল।

Exit mobile version