কোকৰাঝাৰ জিলাৰ অধিন অন্যতম শিক্ষানুষ্ঠান চিথিলা উচ্চমাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলে অনলাইন আৰু অফলাইন শিক্ষাদান কৰি প্ৰসংশনীয় পদক্ষেপ গ্ৰহন কৰিছে । বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ’না ভাইৰাচৰ বাবে শিক্ষানুষ্ঠান বন্ধ আছে যদিও শিক্ষাৰ্থী সকলোক বিভিন্ন গোটত ভাগ ভাগ কৰি শিক্ষক সকলে নিজৰ নিজৰ ঘৰতে ক’ভিড প্ৰটকল মানি পাঠদান কৰি আছে ।
বিদ্যালয় খনৰ পূৰ্বৰ ফলাফল অটুট ৰাখিবলৈ শিক্ষক সকলে এনে পদক্ষেপ লৈছে বুলি জানিবলৈ দিয়ে । বিদ্যালয়খনৰ বিজ্ঞান বিষয়ৰ শিক্ষক মানিক সাহা ৰায় , নৰেন দাস , নিৰঞ্জন দেৱনাথকে ধৰি কেবাজনো শিক্ষক্ষে পাঠদান অব্যাহত ৰাখিছে ।
শিক্ষকসকলৰ পাঠদান কৰা কাৰ্যক শিক্ষাৰ্থীসকলৰ অৱিভাৱক সকলেও সলাগ লৈছে । বিদ্যালয়য়খনৰ প্ৰধান শিক্ষক বিষ্ণু পদ শীল শৰ্মায় কয় যে, “মোৰ সহযোগী শিক্ষক সকলে এই মহামাৰী ক’ভিডৰ সময়ত শিক্ষা দান কৰি আছে আৰু ছাত্ৰ-ছাত্ৰী সকলোও নিজৰ নিজৰ দায়িত্ব পালন কৰি শিক্ষাগ্ৰহন কৰিছে ।”মই সকলোকে কৃতজ্ঞতাও জনাইছো বুলিও প্ৰকাশ কৰে প্ৰধান শিক্ষক জন ।