ৰাফাল যুদ্ধবিমান চুক্তি-বিতৰ্কত নাম নোলোৱাকৈ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিলে ৰাহুল গান্ধীয়ে ।
ইনষ্টাগ্ৰামত নিজৰ ব্যক্তিগত হেণ্ডেলৰ পৰা বগা দাড়ি থকা এজন ব্যক্তিৰ মুখছবি প’ষ্ট কৰিলে ৰাহুল গান্ধীয়ে । সেই ‘এনিমেটেড’ ছবিখনৰ স’তে মোডীৰ বহুচৰ্চিত দাড়িৰ ঠিক সাদৃশ্য বিচাৰি পাইছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে । ৰাহুলে ছবিখনৰ বিৱৰণীত লিখিছে, ‘চোৰৰ দাড়ি’।
ফ্ৰান্স চৰকাৰে শেহতীয়াকৈ ৰাফেল চুক্তিক লৈ দুৰ্নীতিৰ অভিযোগৰ ন্যায়িক তদন্ত কৰাৰ সিদ্ধান্ত লৈছে । সেই সময়তেই কংগ্ৰেছৰ সাংসদজনে এনে আক্ৰমণ চলাইছিল । তেওঁ ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত ৰাফেল চুক্তিক লৈ মোডীক নিৰন্তৰ আক্ৰমণ কৰি আহিছিল।
প্ৰতিখন ৰাজহুৱা সভাতে প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি ‘চকীদাৰ চোৰ হে’ বুলি কোৱা শুনা গৈছিল। ৰাহুলে পাছত চুক্তি আৰু নিৰ্বাচনৰ বিপৰ্যয়ক লৈ ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমাত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত বিষয়টোৰ বিষয়ে বেছি মুকলি কৰা নাছিল।
https://www.instagram.com/p/CQ5E13tDGjW/?utm_source=ig_embed&ig_rid=ce8c2c22-4cc4-47d6-910f-ef6296d47b7a
ৰাহুলৰ ‘চোৰৰ দাড়ি’ মন্তব্যৰ পাছত বিজেপিৰ আইটি শাখাৰ মুৰব্বী অমিত মালব্যই প্ৰত্যুত্তৰ দিছিল । তেওঁ টুইটাৰত লিখিছিল, ‘ৰাহুলে ২০১৯ত উপযুক্ত উত্তৰ পাইছিল । এইবাৰ তেওঁ নিজকে এই পৰ্যায়লৈ নামি আনিছে ।
তেওঁক সমগ্ৰ দেশৰ মানুহে প্ৰত্যাখ্যান কৰিছিল । তথাপিও, যদি তেওঁ এই বিষয়টোক ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে তেওঁক স্বাগতম জনোৱা হৈছে ।’






























