কৰ’নাৰ ডেল্টা প্ৰজাতিক প্ৰতিৰোধ কৰিবৰ বাবে ক’ভিশ্বিল্ডৰ এপালি প্ৰতিষেধকেই যথেষ্ট, দাবী আইচিএমআৰ-ৰ

Covid vaccine 1

পুনেৰ ছেৰাম ইনষ্টিটিউটৰ তৈয়াৰী ক’ভিশ্বিল্ডৰ কৰ’না প্ৰতিৰোধ ক্ষমতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে । কৰ’না জয়ীসকলে কভিশ্বিল্ড ভেকচিন ল’লেই প্ৰতিৰোধ কৰিব পৰা যাব ডেল্টা প্ৰজাতিক ।সাম্প্ৰতিক গৱেষণাত পোৱা গৈছে, কৰ’নাজয়ীসকলৰ ক্ষেত্ৰত এটা ভেকচিনে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

আইচিএমআৰ-ৰ বিবৃতি অনুসৰি, কৰ’না সংক্ৰমিত হোৱাৰ আগতে যিসকলে ক’ভিশ্বিল্ড প্ৰতিষেধকৰ এটা বা দুটা পালি লৈছে তেওঁলোকৰ তুলনাত কৰ’না আক্রান্ত হোৱাৰ পাছত যিসকলে এটা প্ৰতিষেধক লৈছে, তেওঁলোকৰ কৰ’নাৰ ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বেছি ।

প্ৰসংগত, কৰ’নাৰ এই ডেল্টা ভেৰিয়েন্টক লৈ পূৰ্বেই উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই (হু) । বিশ্বৰ একাধিক দেশসহ ভাৰততো এই বি.১.৬১৭.১ ভেৰিয়েন্টৰ বাবে কৰ’নাৰ দ্বিতীয় ঢৌ আহিছে । ছেৰামে প্ৰস্তুত কৰা ক’ভিশ্বিল্ড ভেকচিন এই ভেৰিয়েন্টৰ বিৰুদ্ধে কিমান কাৰ্যকৰী সেইয়া জানিবলৈ এই গৱেষণা কৰা হৈছিল ।

‘Neutralisation of Delta Variant with Sera of Covishield vaccines and Covid-19 Recovered Vaccinated Individuals’ নামৰ এই গৱেষণাটোৰ স’তে যুক্ত আছিল পুনেৰ আইচিএমআৰ, নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী, নিউৰোচাৰ্জাৰী ডিপাৰ্টমেণ্ট অফ কমাণ্ড হস্পিটেল আৰু সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয় । বৰ্তমান, আগৰ তুলনাত দৈনিক সংক্ৰমণ হ্ৰাস পাইছে কিন্তু কৰ’নাৰ তৃতীয় ঢৌৰ বিষয়ে উদ্বিগ্ন দেশবাসী ।

স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে তৃতীয় ঢৌৰ প্ৰভাৱ অক্টোবৰ-নৱেম্বৰত আটাইতকৈ বেছি দৃশ্যমান হ’ব পাৰে । তৎস্বত্তেও, দৈনিক আক্ৰান্তৰ সংখ্যা দ্বিতীয় ঢৌতকৈ যথেষ্ট কম হ’ব । অৱশ্যে, বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে যদি কৰ’নাই পুনৰ ৰূপ পৰিৱৰ্তন কৰে, তৃতীয় তৰংগত সংক্ৰমণৰ গতি বৃদ্ধি হ’ব ।

Exit mobile version