তলাবন্ধৰ ফলত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতলৈ নামি আহিছে ঘোৰ অমানিশা ৷ বিগত ৯০ দশকৰ পৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এক পৰিচিত নাম আছে নাট্য প্ৰেমী দর্শক-শ্ৰোতাৰ মাজত।
কিন্তু এনে থিয়েটাৰৰ স’তে জড়িত শিল্পী কলা-কুশলী, বাদ্যযন্ত্ৰী, কৰ্মচাৰীৰ উপাৰ্জনৰ পথ যেন আজিৰ দিনত বন্ধ হৈ যোৱাৰ লেখীয়া ৷ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীসমুহ কৰ’নাৰ বাবে বিগত বৰ্ষৰ পৰা বন্ধ হৈ পৰাত এতিয়া এই ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ সতে জড়িত শিল্পী, কলাকুশলী সকলোৰে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷
পৰিয়াল পোহপাল দিবলৈ অন্য পথৰ সন্ধানত নামি পৰিব লগা দিন নামি আহিছে এনে শিল্পী, কলাকুশলীৰ বাবে ৷ বিগত ৩১ টা বছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ সতে জড়িত তেনে এগৰাকী শিল্পী হৈছে বাগসাৰ জালাহৰ ভেবলা জ্যোতিনগৰৰ বাসিন্দা প্ৰতাপ বড়ো ৷
বড়োৱে বিগত বৰ্ষসমুহত ভ্ৰাম্যমাণত বাদ্যযন্ত্ৰী হিচাপে কৰ্মৰত আছিল ৷ অতি সম্প্ৰতি তলাবন্ধৰ বাবে জীৱন জীৱিকাৰ পথ থানবান হৈ গ’ল প্ৰতাপ বড়োৰ ৷
বড়োৱে বৰ্তমান নিজৰ ঘৰতে সাধাৰণভাবে এখন সৰু দোকান দি পৰিয়াল পোহপাল দিবলগীয়া হৈছে৷ তেওঁ এইক্ষেত্ৰত কয়,” অসম চৰকাৰে শিল্পী সকলক যোৱা বৰ্ষত ৫০ হেজাৰকৈ এককালীন সাহায্য প্ৰদান কৰিছিল। মইও সেইখিনি সাহায্য লাভ কৰিছিলোঁ৷ কিন্তু সেই টকাখিনিৰে দুটাকৈ বছৰ চলিব আমাৰ বৰ অসুবিধা হয় ৷ “
লগতে তেওঁ কয়, “মই ১০/১২ খন থিয়েটাৰত একেৰাহে কাম কৰিছিলোঁ৷ ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰা ৩১ বছৰ হ’ল৷ আগতে কোনোমতে পৰিয়াল চলাই নি আছিলোঁ৷ বৰ্তমান আৰ্থিক দিশত বৰকৈ জুৰুলা হৈ পৰিছোঁ৷ পইচাপাতি নোহোৱা হৈ গ’ল যি দুই এপইচা আছিল৷ এতিয়া ঘৰতে সাধাৰণভাবে সৰু দোকান এখন দি চলিব লৈছোঁ ৷কি হয় চাও ভগৱানক সাৰথি কৰি লৈ ৷”
গীতাৰ,বাঁহীকে ধৰি কে’বাবিধো বাদ্যযন্ত্ৰ পৰিবেশন কৰিব পৰা ভ্ৰাম্যমাণৰ শিল্পী প্ৰতাপ বড়োৱে তেওঁক অকণমান সহায় কৰিবলৈ অসম চৰকাৰ, বিটিআৰ চৰকাৰৰ লগতে স্থানীয় মন্ত্ৰী বিধায়ক সকলকো অনুৰোধ জনাইছে ৷
প্ৰতাপ বড়োৰ দৰে হয়তো ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত হেজাৰ হেজাৰ পৰিয়ালৰ বাবে জীৱন-জীৱিকাৰ পথত ভয়াবহ সমস্যাই মূৰ দাঙি উঠিব লৈছে।গতিকে এনেক্ষেত্ৰত অসম চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, কলা-কুশলী, বাদ্যযন্ত্ৰী, কৰ্মচাৰীক কিছু সকাহ দিবলৈ ব্যৱস্থা হাতত লোৱা অতীব প্ৰয়োজন বুলি সচেতন মহলে মত পোষণ কৰে ৷