বিগত দুটা বছৰ ধৰি অদৃশ্য শত্রু কৰ’না মহামাৰীয়ে বিধ্বস্ত কৰিছে বিশ্ব অর্থনীতিক। তৃতীয় বিশ্বৰ ৰাষ্ট্রসমূহৰ বাবে এয়া এক বৃহৎ প্রত্যাহ্বান। টিকাকৰণৰ জৰিয়তে বিশ্বই কৰ’নাৰ বিৰুদ্ধে যুদ্ধ জয় কৰিব পাৰিব যদিও পৰৱর্তী সময়ত বিধ্বস্ত আর্থিক দুৰৱস্থাৰ পৰা কিদৰে উদ্ধাৰ কৰিব পৰা যায় সেয়া চিন্তাৰ বিষয়।
কৰ’নাৰ নেতিবাচক প্রভাৱ স্বাভাৱিকভাৱে পৰিছে ভাৰতীয় অর্থনীতিতে। কিন্তু বিশ্বৰ আগশাৰীৰ সংস্থাসমূহে ভাৰতীয় অর্থনীতিক লৈ যি ভয়াবহ প্রতিবেদন প্রকাশ কৰিছিল সেয়া বাস্তৱত কিন্তু হােৱা নাই।
কৰ’নাৰ কঠিন সময়তাে ভাৰতীয় অর্থনীতিৰ গতিশীলতা হ্রাস পাইছে যদিও ট্ৰেকৰ পৰা আঁতৰি যােৱা নাই। দেশৰ আর্থিক বিশেষজ্ঞ মতে চাৰি বছৰ পূর্বে কেন্দ্রীয় চৰকাৰে প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যৱস্থাই ভাৰতীয় অর্থনীতিত এই মহাসংকটৰ সময়তাে ইতিবাচক প্ৰভাৱ পেলােৱাৰ ফলতেই দেশৰ আর্থিক স্থিতি প্রত্যাহ্বানৰ মাজতে দৃঢ় হৈ আছে।
কৰ’নাই কর্মহীন কৰা দেশৰ নাগৰিকৰ বাবে চৰকাৰে যি সাহায্য প্রদান কৰিছে সেয়াও জিএছটিৰ পৰা সংগ্রহ হােৱা ধনৰ বাবেই সম্ভৱ হৈছে বুলি আর্থিক ক্ষেত্র বিশেষজ্ঞই মত পােষণ কৰিছে। উল্লেখ্য যে ভাৰতত জিএছটি দৰে নতুন কৰ ব্যৱস্থাৰ যে প্রয়ােজনীয়তা আছিল সেয়া বৰ্তমানৰ আপাতকালীন অর্থ ব্যৱস্থাই কার্যতঃ প্ৰমাণ কৰি দিলে।
স্মর্তব্য যে পূর্বতে ভাৰতত সেৱা আৰু সামগ্ৰীৰ ওপৰত বিভিন্ন কৰ প্ৰয়ােগ হৈ আছিল। কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্যসমূহতাে পৃথক কৰ ব্যৱস্থা অৱলম্বন হৈছিল। কার্যতঃ এক জটিল তথা অৰাজক কৰ ব্যৱস্থাই নাগৰিক, ব্যৱসায়ী তথা চৰকাৰক বিভিন্ন সময়ত অসুবিধাত পেলাইছিল।
ইয়াৰ ফলতেই আশা কৰা ধৰণে কৰ সংগ্ৰহ হােৱা নাছিল। বিপৰীতে এই বিসংগতিৰ সুযােগ লৈ একাংশ বিষয়াৰ সহযােগত ব্যৱসায়ী মহলে কৰ ফাকি দি সমগ্ৰ চৰকাৰী ব্যৱস্থাত বৃহৎ দুর্নীতিও সংঘটিত কৰিছিল।
বর্তমানৰ কৰ’নাৰ পৰিৱেশত যদি ভাৰতত পূর্বৰ দৰে কৰ ব্যৱস্থা থাকিলহেঁতেন তেন্তে দেশৰ অর্থনীতি ছমাহৰ ভিতৰতে স্তব্ধ হৈ ধ্বংসৰ দিশে গতি কৰিলেহেঁতেন। ভাৰতত প্ৰথমবাৰৰ বাবে তলাবন্ধৰ ঘটনা হৈছে কৰ’নাৰ সময়ত। স্বাভাৱিকতে কৰ সংগ্রহ তথা দেশৰ অর্থনীতি চলাই ৰখাটো জিএছটি অবিহনে অসম্ভৱ হৈ পৰিলহেঁতেন।
কিন্তু জিএছটিৰ ডিজিটেল ব্যৱস্থাই কঠিন পৰিস্থিতিতাে চৰকাৰক ব্যৱস্থা চলাই ৰখাত সহায় কৰিছে যাৰ সুফল দেশৰ জনতাই লাভ কৰিছে। উল্লেখ্য যে পূর্বে ভাৰতীয় অর্থনীতিত থকা ভিন্ন কৰ ব্যৱস্থাসমূহ হ’ল— কেন্দ্রীয়
চৰকাৰৰ আবকাৰী শুল্ক, সেৱা কৰ, সামগ্ৰীৰ আন্তঃৰাজ্যিক বিক্ৰী কৰ (চিএছটি বাদ দি ৰাজ্যত পৃথক বিক্ৰী কৰ ব্যৱস্থা), ৰাজ্য চৰকাৰৰ খুচুৰা বিক্ৰী কৰ, ৰাজ্যত সামগ্ৰীৰ পৰিৱেশন কৰ, বিলাসী কৰ, ক্রয় কৰ আদি।
অর্থাৎ কৰৰ বােজা লৈ ব্যৱসায় কৰা তথা নিজকে আঁতৰাই ৰখাৰ বাবে দুর্নীতিৰ আশ্রয় লােৱা এক পৰম্পৰাগত প্রথা ইমান দিনে ভাৰতীয় কৰ ব্যৱস্থাত সমান্তৰালভাৱে চলি আহিছে। এখন দেশৰ অৰ্থনীতিৰ বাবে এয়া কোনাে কাৰণতেই শুভ নহয়। স্মর্তব্য যে দেশৰ ৰাজহুৱা উন্নয়ন নির্ভৰ কৰে সুস্থ কৰ ব্যৱস্থাৰ ওপৰত।
যদি কৰ ব্যৱস্থাতেই অৰাজকতা থাকে তেন্তে দেশৰ অৰ্থনীতিত নেতিবাচক প্রভাৱ পৰাটো নিশ্চিত হােৱাৰ লগতে জনকল্যাণমূলক আঁচনিত বাধা আহি পৰে। চাৰি বছৰ পূর্বে সকলাে কৰ এক কৰি জিএছটি প্রৱৰ্তন কৰাৰ পাছত নাগৰিকৰ ওপৰত থকা কৰৰ সন্ত্রাসৰ কার্যতঃ অন্ত পৰিছিল।
এক সুন্দৰ নীতিৰ জৰিয়তে সম্প্রতি অভিলেখ সংখ্যক কৰ সংগ্রহ হৈছে কৰ’নাৰ কঠোৰ স্বাস্থ্য নীতিৰ সময়তাে। কাৰণ জিএছটি ব্যৱসায়ীয়ে পৰিশােধ কৰিছে ডিজিটেল মাধ্যমৰে। তথ্য- প্রযুক্তিৰ জৰিয়তে কৰ ব্যৱস্থা পৰিচালন হােৱাত প্রশাসক আৰু কৰদাতাৰ মাজত যােগসূত্র নথকাৰ পাছতাে ধনৰ লেনদেন স্বচ্ছতাৰে হৈছে।