ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি তিনি শতাংশ হ্ৰাসৰ পূৰ্বাভাস

Indian Economy

যোৱা এপ্ৰিলত আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএম‌এফ)ৰ তৰফৰ পৰা প্ৰকাশ কৰা পূৰ্বাভাসত কোৱা হৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ ১২.৫ শতাংশ হ’ব । সেই সময়ত দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ সংক্ৰমণে বৰ্তমানৰ দৰে মাধমাৰ শোধোৱা নাছিল; কিন্তু ইয়াৰ পাছত দেশত কৰ’নাৰ দ্বিতীয় সংক্ৰমণৰ আগমন ঘটে আৰু অগণন লোকৰ ক’ভিডৰ সংক্ৰমণত মৃত্যু হয় ।

কৰ’নাৰ ব্যাপক সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰায়বোৰ ৰাজ্য‌ই পুনৰ তলাবন্ধৰ লগতে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ বাধ্য হয় । ক’ভিডৰ এনে ভয়াবহ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহত আইএম‌এফে ভাৰতৰ আৰ্থিক বৃদ্ধিৰ সন্দৰ্ভত পূৰ্বাভাস সলনি কৰিলে । আইএম‌এফৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ২০২২ বিত্তীয় বৰ্ষত ১২.৫ শতাংশৰ পৰিৱৰ্তে ৯.৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে ।

অৰ্ধবাৰ্ষিক ৱৰ্ল্ড ইক’ন’মিক আউটলুক সন্মিলনত আইএম‌এফৰ মুখ্য অৰ্থনীতিবিদ গোপীনাথে কয়, ‘বিশ্বৰ বহু দেশত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ গতি মন্থৰ হৈছে । নতুনকৈ সংক্ৰমণৰ ঢৌ অহাৰ ফলত এই ঘটনা সংঘটিত হৈছে । সবাতোকৈ উল্লেখযোগ্যভাৱে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতত । সেয়েহে ভাৰতৰ আৰ্থিক বিকাশৰ পূৰ্বৰ পূৰ্বাভাস সলনি কৰা হৈছে । মাৰ্চ-মে’ত কৰ’নাৰ দ্বিতীয় ঢৌত আঘাতৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থিক বিকাশৰ হাৰ কৰ্তন কৰা হৈছে ।

অৱশ্যে সমগ্ৰ বিশ্বতে সংক্ৰমণ বৃদ্ধিৰ ফলত একে অৱস্থা প্ৰত্যক্ষ হৈছে । এছিয়াৰ ভাৰত বাদেও ইন্দোনেছিয়া আৰু মালয়েছিয়াতো আৰ্থিক ক্ষেত্ৰত একে প্ৰৱণতা প্ৰত্যক্ষ হৈছে । আমেৰিকাতো পুনৰ সংক্ৰমণ বৃদ্ধি ঘটনা আমি দেখা পাইছো । এয়া আমাৰ বাবে উদ্বেগৰ বিষয় । ভৱিষ্যতে পৰিস্থিতি কোন দিশে গতি কৰে তাৰ প্ৰতিও নজৰ ৰখা হ’ব ।’

উল্লেখ্য যে কেৱল আইএম‌এফে নহয়, কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় সকলোবোৰ অৰ্থনৈতিক সংস্থাই ভাৰতৰ আৰ্থিক বিকাশৰ হাৰৰ পূৰ্বাভাসত কৰ্তন কৰিবলৈ বাধ্য হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকেও পূৰ্বাভাস প্ৰকাশ কৰি কৈছে যে ২০২২ বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ ৯.৫ শতাংশ হ’ব ।

ইফালে, ২০২২ বৰ্ষৰ বিকাশৰ হাৰ কৰ্তন কৰিলেও আইএম‌এফে ২০২১ৰ বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বিকাশৰ হাৰ ছয় শতাংশ হ’ব । আইএম‌এফৰ প্ৰাথমিক অনুমান অনুসৰি, ২০২২ বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বিকাশৰ হাৰ পূৰ্বে নিৰ্ধাৰণ কৰা ১২.৫ শতাংশৰ তুলনাত তিনি শতাংশ হ্ৰাস পাই ৯.৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে । কৰ’না অতিমাৰীৰ কাৰণত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) প্ৰায় ১০ শতাংশ সংকুচিত হ’ব পাৰে বুলি পূৰ্বে আইএম‌এফে মত প্ৰকাশ কৰিছিল ।

Exit mobile version