কেব সেৱা প্ৰদানৰ অজুহাতেৰে ডকাইটি কৰা তিনিজনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

WhatsApp Image 2021 07 31 at 2.37.01 PM 2

গড়চুক আৰু জালুকবাৰী আৰক্ষীৰ যৌথ অভিযানত কালি নিশা কেব সেৱা প্ৰদানৰ অজুহাত দেখুৱাই ডকাইটি কৰা তিনিজনক গ্ৰেপ্তাৰ কৰা হয় ।

২৮ জুলাই, ২০২০ তাৰিখে গড়চুক আৰক্ষী থানা আৰু জালুকবাৰী আৰক্ষী থানাত একেধৰণৰে ঘটনাৰ গোচৰ ৰুজু কৰা হয় । গড়চুক আৰক্ষী থানাত ৰুজু কৰা গোচৰত অভিযোগকাৰীয়ে জনায় যে, ছুইফ্ট ডিজায়াৰেৰে আইএছবিটিৰ পৰা বিমানবন্দৰলৈ যোৱাৰ সময়ত ঘটনাটো সংঘটিত হয় ।

অভিযোগ অনুসৰি, অভিযোগকাৰীক কেবৰ সহযাত্ৰী আৰু গাড়ী চালকে আক্ৰমণ কৰে আৰু ডকাইটি কাণ্ড সংঘটিত কৰে । ঠিক একেধৰণৰে গোচৰ দাখিল কৰা হৈছিল জালুকবাৰী আৰক্ষী থানাত, সেই ঘটনাত ব্যৱহৃত বাহনৰ বিৱৰণ আৰু অভিযুক্তসকলৰ আচাৰ-ব্যৱহাৰত সামঞ্জস্য পোৱা যায় ।

এই তথ্য অনুসৰণ কৰি, মহানগৰ আৰক্ষীয়ে ৪৮ ঘণ্টাৰ ভিতৰত অপৰাধত ব্যৱহৃত বাহনখন ট্ৰেক কৰে । বাহনখন হৈছে এএছ ০১ জেচি ৯৬৬৮ নম্বৰৰ ছুইফ্ট ডিজায়াৰ । গড়চুক আৰক্ষী থানাৰ অধীনস্থ বৰাগাঁৱৰ পৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ।

অভিযুক্তকেইজন হৈছে সাতগাঁৱৰ নিবাসী মহম্মদ আব্দুল হক (২৮), মহম্মদ ইব্ৰাহিম আলি (২৫) আৰু মহম্মদ আলি হুছেইন (২৬) । কামৰূপ (আৰ) আৰক্ষীৰ সহায়তাত অভিযুক্ত মহম্মদ আলি হুছেইনৰ ভাৰা ৰূমৰ পৰা দলটোৱে লুণ্ঠন কৰা সামগ্ৰী তামৰ কুণ্ডলী, মাউণ্ট কৰা টেপ আৰু কে’বাটাও বেংক পাছবুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version