আংশিক লকডাউনৰ প্ৰভাৱ, জীৱিকা বন্ধ হ’ল বেকাৰী ব্যৱসায়ীৰ

দোকানলৈ চাই চকুলো টুকিছে ব্যৱয়ায়ী অনিল মোদকে

Screenshot 2021 0803 184829

বাগসা জিলাৰ ২ নং গোৰেশ্বৰ নিবাসী এগৰাকী ব্যৱসায়ী অনিল মোদক। গোৰেশ্বৰ জ্যোতিনগৰত থকা “কল্পনা হোটেল এণ্ড বেকাৰী” ৰ স্বাত্বাধিকাৰী অনিল মোদক। অনিল মোদকে বহু বছৰ ধৰি গোৰেশ্বৰ মহাবিদ্যালয়ৰ কেন্টিন চলোৱাৰ পিছত যোৱা আঠ বছৰে ধৰি চলাই আছিল বেকাৰী আৰু হোটেলখন । অনিল মোদকৰ বেকাৰীৰ ভাটিত চাৰি মাহ ধৰি জুই জ্বলা নাই ।

গোৰেশ্বৰ অৰ্ধসাপ্তাহিক বজাৰৰ বন্ধ হৈ থকাত বেকাৰী দোকানখনতো এতিয়া কোনো ভিৰ নাই । কৰ্মচাৰীসকলকো বিদায় দিবলগীয়া হৈছে । আংশিক লকডাউনৰ বাবে দোকান বন্ধ কৰিবলৈ বাধ্য হৈছে অনিল মোদকে। আংশিক লকডাউনে ব্যাপকভাৱে প্ৰভাৱিত কৰিছে বেকাৰী ব্যৱসায়ীসকলক।

প্ৰায় আঠ বছৰ ধৰি বেকাৰী ব্যৱসায় চলাই থকাৰ পাছত এতিয়া গ্ৰাহকৰ অভাৱত ব্যৱসায় বন্ধ হৈ পৰিছে। প্ৰায় পাঁচ-ছয়জন কৰ্মচাৰীৰ পৰিয়ালৰ জীৱিকা চলাই থাকিবলৈ সক্ষম হোৱা অনিল মোদকে এতিয়া নিজে নিজৰ জীৱিকা সম্বন্ধে সন্দিহান হ’বলগীয়া হৈছে । এনে অৱস্থাত বিদ্যুৎ বিল প্ৰায় ৪০ হেজাৰ আৰু ঘৰ ভাড়া প্ৰায় ৩৫ হেজাৰ দিব নোৱাৰাৰ পৰিপ্ৰেক্ষিত হতাশাই আগুৰি ধৰিছে অনিল মোদকক।

পাঁচজনীয়া পৰিয়াল চলাবলৈ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে অনিল মোদকে । চৰকাৰক এই ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰি এনে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে চিন্তা কৰিবলৈ আহ্বান জনাইছে ব্যৱসায়ীজনে ।

Exit mobile version