চুক্তি সম্পন্নঃ এইবাৰ নাবাৰ্ডৰ পৰা ২৫ হেজাৰ কোটিৰ ঋণ ল’ব অসমে

আন্তঃগাথঁনি নিৰ্মাণৰ বাবে সক্ষমতাৰ আধাৰত এই ঋণ : মুখ্যমন্ত্ৰী

Screenshot 76

আগন্তুক তিনি বছৰত অসম চৰকাৰে ৰাজ্যৰ আন্তঃগাথঁনি নিৰ্মাণৰ বাবে নাবাৰ্ডৰ পৰা ২০ৰ পৰা ২৫ হেজাৰ কোটি টকাৰ ঋণ ল’ব । ইয়াৰে চলিত বৰ্ষত ল’বলগীয়া ঋণৰ পৰিমাণ চাৰি হেজাৰ কোটি টকা হ’ব বুলি আজি ইয়াত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য চৰকাৰে আন্তঃগাথঁনি উন্নয়নৰ বাবে বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা ল’বলগীয়া ঋণৰ বাবে আজি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰ, নাবাৰ্ড আৰু আছাম ইনফ্ৰাষ্ট্ৰাকছাৰ ফাইনেন্সিং অথ’ৰিটি (এআইএফ‌এ)ৰ মাজত সম্পন্ন হোৱা এই চুক্তিৰ সময়তে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে অসমে অগ্ৰাধিকাৰ ভিত্তিত নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লৈছে । কাৰণ, অসমক ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে কাম কৰিছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, নাবাৰ্ডৰ আৰ আই ডি এফ, এন আই ডি এ আৰু আৰ আই এ এছ আঁচনি তিনিখনৰ অধীনত এই ঋণ লৈ আন্তঃগাথঁনি নিৰ্মাণৰ কামবোৰ কৰা হ’ব । তেনে একাংশ আঁচনিৰ নামো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

সেইবোৰৰ ভিতৰত আছে ২০৭ কোটি টকাৰে নখন আদৰ্শ বিদ্যালয় স্থাপন, ৬২৭ কোটি টকাৰে ৭৫,১,২৫০ কোটি টকাৰে প্ৰথম পৰ্যায়ত ২০০৫খন প্ৰাথমিক বিদ্যালয় আধুনিক সা-সুবিধাৰে নিৰ্মাণ, ৫০ কোটি টকাৰে নতুনকৈ স্থাপিত ৰাজ্যিক বিশ্ববিদ্যালয়বোৰৰ উন্নয়ন, ২২৫ কোটি টকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীৰ বাবে নখন মহাবিদ্যালয় স্থাপন, ৩,৬২১ কোটি টকাৰে সাতখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, ৫০ কোটি টকাৰে আজাৰত বিদেশলৈ ৰপ্তানি কৰিবলগীয়া কৃষি সামগ্ৰী মজুত কৰিব পৰাকৈ শীতল গৃহ নিৰ্মাণ, ১২ কোটি টকাৰে ৰিজ’নেল মিল্ক প্ৰচেছিং ইউনিট স্থাপন, ১২ কোটি টকাৰে ষ্টেডিয়াম নথকা ৪০টা বিধানসভা সমষ্টিত ষ্টেডিয়াম নিৰ্মাণ, ১২০ কোটি টকাৰে চন্দ্ৰপুৰত বৃহৎ ষ্টেডিয়াম নিৰ্মাণ, ৫০ কোটি টকাৰে জোঙাল বলহু গড়ক পৰ্যটন ক্ষেত্ৰলৈ উন্নীতকৰণ, পাঁচশ কোটি টকাৰে নৱগঠিত জিলাৰ উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ, ২০ কোটি টকাৰে তিতাবৰৰ ৰেছম মহাবিদ্যালয় উন্নীতকৰণ, পাঁচশ কোটি টকাৰে দুহেজাৰটা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ, দুশ কোটি টকাৰে ১২৫ খন চিকিৎসালয় নিৰ্মাণ আৰু এশ কোটি টকাৰে বকোত শিশু আৰু বৃদ্ধৰ বাবে এটি আৱাসিক কেন্দ্ৰ স্থাপন ।

তদুপৰি ১৫শ কোটি টকাৰে গড়কাপ্টানী বিভাগৰ বিভিন্ন নিৰ্মাণ কাৰ্য কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠানত নাবাৰ্ডৰ মুম্বাইস্থ মুখ্য কাৰ্যালয়ত উপ-মহাপ্ৰৱন্ধক পি ভি এছ সূৰ্যকুমাৰ, ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত থাকে । বিত্তমন্ত্ৰী নেওগে কয় যে, শক্তিশালী আন্তঃগাথঁনিয়ে ৰাজ্যখনৰ প্ৰগতিৰ গতি ত্বৰান্বিত কৰে । অসমে নিজৰ সক্ষমতাৰ আধাৰত নাবাৰ্ডৰ লগত চুক্তি কৰি ৰাজ্যৰ আন্তঃগাথঁনি শক্তিশালী কৰাৰ দিশে আগবাঢ়িছে । সূৰ্যকুমাৰে অসমৰ লগত এনে এখন চুক্তি কৰি ঞাবাৰ্ড যথেষ্ট সুখি বুলি মন্তব্য কৰে ।

Exit mobile version