কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলত দীৰ্ঘদিনৰ পৰা বিদ্যুতৰ অনিয়মীয়া যোগান আৰু উক্ত অঞ্চলৰ বাবে বিদ্যুৎ যোগান ধৰা আৰ এ চি ফিডাৰৰ সঘনাই বিজুতিৰ ফলত দিনে নিশা মিলি ১৬-১৮ ঘন্টাৰ লোড শ্বেডিং থাকে । যাৰ ফলত ইয়াৰ এই উৎকত গৰমত জ্বলা-কলা খোৱাৰ উপৰি বিদ্যুৎ নিৰ্ভৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ী, শিক্ষাৰ্থীসকলে অতিষ্ঠ হৈ আজি শ্ৰীৰামপুৰত পথ অৱৰোধ কৰি বিদ্যুৎ বিভাগ, অসম শক্তি বিতৰক কোম্পানী লিমিটেড (এপিডিচিএল)ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
শ্ৰীৰামপুৰৰ ডি কে ৰোড অৱৰোধ কৰি অতিষ্ঠ বিদ্যুৎ গ্ৰাহকসকলে ‘নো কাৰেন্ট নো বিল, অকৰ্মন্য বিদ্যুৎ মন্ত্ৰী মুৰ্দাবাদ, আমাক বিদ্যুৎ দিয়ক মাচুল লওক, অসম চৰকাৰ হায় হায়’ আদি ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে । পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিভাগীয় অভিযন্তাৰ স’তে কথা পাতে।
গোসাঁইগাঁও বিদ্যুৎ উপ সংমণ্ডলৰ অভিযন্তাই সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰিব বুলি আশ্বাস দিয়াত অৱৰোধ উঠাই লোৱা হয়।শীঘ্ৰে বিদ্যুতৰ সমস্যা আৰু মাচুল আদায় সঠিকভাৱে নহ’লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে ।