কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষা খণ্ডৰ অধিন চিথিলা এম ভি স্কুলৰ ছাত্র ছাত্রীসকলক নিম্নমানৰ তথা সামাঞ্জস্যহীন স্কুল ইউনিফৰ্ম যোগান দিয়াৰ বাবে বিদ্যালয়ৰ ছাত্র ছাত্রীৰ অভিভাবকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইতিমধ্যে একাংশ অভিভাবক, অভিভাবিকাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যাই অভিযোগ কৰে যে ইউনিফৰ্ম যোগানকাৰী সকলৰ লগত প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মাজত হোৱা গোপন বুজাবুজিৰ ফলতেই যোগানকাৰী সকলে নিম্নমানৰ ইউনিফৰ্ম যোগান দিবলৈ সাহস পাইছে।
চৰকাৰী ভাবে যোগান ধৰা চিথিলা এম ভি স্কুলৰ ছাত্র ছাত্রী সকলৰ ইউনিফৰ্ম সমুহ নিম্নমানৰ কাপোৰ যোগান দিয়াই নহয় অসামঞ্জস্য কাপোৰ যোগান দি বৃহৎ পৰিমানৰ ধন আত্মসাৎ কৰিছে বুলিও অভিভাৱক সকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে গোপন লেনদেনৰ ফলত প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মাজত বাদ বিসম্বাদৰো সৃষ্টি হৈছিল।
তেনে বাদ বিসম্বাদৰ ফলত বিদ্যালয় পৰিচালনা সমিতি নতুনকৈ গঠন কৰাৰ বাবেও যো যা তীব্র গতিত চলিছিল। তাৰ ফলশ্ৰুতিতেই যোৱা সাত আগষ্টত দিনৰ ১১ বজাত চিথিলা এম ভি স্কুলৰ পৰিচালনা সমিতি গঠন কৰিবলৈ এখন সাধাৰণ সভাও অনুষ্ঠিত হয় যদিও উক্ত সভাতেই পূর্বৰ সমিতিখনকেই বাহাল ৰাখে।
ইপিনে একাংশ অভিভাবকে পূর্বৰ সমিতিখনক বাহাল ৰখাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগতে একাংশই ছাত্র ছাত্রীৰ ইউনিফৰ্ম আৰু মধ্যান্য ভোজনৰ বিষয়তো উৰ্ধতম কতৃপক্ষৰ তদন্তৰ দাবী কৰে।





























