কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষা খণ্ডৰ অধীনৰ চিথিলা এম ভি স্কুলৰ পৰিচালনা সমিতিৰ আজি এক সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাতেই চিথিলা এম ভি স্কুলৰ পৰিচালনা সমিতিয়ে পূৰ্বৰ সমিতিখনকে বাহাল ৰাখে ।
আজি যদিও সাধাৰণ সভা অনুষ্ঠিত হয় কে’বা শতাধিক অভিভাৱক উপস্থিত হোৱা সাধাৰণ সভাত পূৰ্বৰ সভাপতি ব্ৰজেন ৰায়ক বাহাল ৰখাৰ লগতে সমিতিখনৰ সকলো সদস্য-সদস্যাকে বাহাল ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । যিহেতু ব্ৰজেন ৰায়ে সভাপতি হিচাপে নিৰ্বাচিত হোৱা বিদ্যালয় পৰিচালনা সমিতিখন এবছৰো কাৰ্যকাল অতিক্রম কৰা নাই সেই হেতুকে পূৰ্বৰ সমিতিখনকে বাহাল ৰাখিবলৈ আজিৰ সাধাৰণ সভাই সিদ্ধান্ত গ্ৰহণ কৰে ।
চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা স্থানীয় সমাজ সেৱক বিৰেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত উপস্থিত থাকে স্থানীয় সমাজ সেৱক তথা বিপিএফৰ জ্যেষ্ঠ নেতা দিলদাৰ আলী, ভিচিডিচিৰ প্ৰাক্তন চেয়াৰমেনদ্বয় ৰাজু কুমাৰ বৰ্মন আৰু অম্বিকা ৰায়, বিন্নাছাৰা ভিচিডিচিৰ প্ৰাক্তন চেয়াৰমেন নিকুঞ্জ তালুকদাৰ, সাহাদ আলী, দিলীপ সাহাৰ লগতে বৰ্তমানৰ চিথিলা ভিচিডিচিৰ চেয়াৰমেন কনকেশ্বৰ ৰায়, চিথিলা এম ভি স্কুলৰ প্ৰধান শিক্ষক তথা চিথিলা এম ভি স্কুল পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমান আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন ৰায়ো উপস্থিত থাকে।





























