ৰিজাৰ্ভ বেংকৰ নির্দেশ গ্রাহকে মনত ৰাখিব লাগিব নিজৰ ডেবিট,ক্রেডিট কার্ডৰ নম্বৰ

creditcard au myb

ব্যক্তিগত তথ্য চুৰি হৈছে এই মুহূর্তত বিশ্বৰ অন্যতম এক গুৰুত্বপূৰ্ণ সমস্যা। প্রত্যক গ্রাহকে অনলাইনত লেনদেনৰ ক্ষেত্ৰত নিজৰ যাৱতীয় ব্যক্তিগত তথ্যৰ নিৰাপত্তা বিচাৰে।

এই বিষয়ত ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)-এ এক নতুন নির্দেশনা জাৰি কৰিবলৈ সাজু হৈছে। এই নতুন নির্দেশনাত উল্লেখ কৰা অনুসৰি যিকোনাে অনলাইন লেনদেনৰ ক্ষেত্ৰত নিজৰ ১৬ সংখ্যাৰ কাৰ্ড নম্বৰ আৰু চি ভি ভি নম্বৰ জমা দিব লাগিব।

অন্যথা কাৰ্ডৰে অনলাইনত লেনদেন কৰিব নােৱাৰিব। নতুন নির্দেশনাত উল্লেখ কৰা অনুসৰি, কাৰ্ডৰ ধাৰকে অনলাইন লেনদেনৰ ক্ষেত্ৰত নিজৰ কাৰ্ড আৰু চি ভি ভি নম্বৰ মনত ৰাখিব লাগিব।

আৰ বি আইৰ এই নির্দেশনাৰ ফলত অনলাইনত লেনদেন পদ্ধতি লেহেমীয়া হােৱাৰ সম্ভাৱনা আছে। আৰ বি আয়ে প্রকাশ কৰা অনুসৰি, লেনদেন পদ্ধতি সামান্য মন্থৰ হ’লেও নতুন নির্দেশনা পালনৰে নাগৰিকসকলৰ যাৱতীয় তথ্য সুৰক্ষিত ৰখা সম্ভৱ হ’ব। ২০২২ৰ জানুৱাৰীৰ পৰা এই নতুন নিয়ম দেশত প্ৰৱর্তিত হ’ব।

Exit mobile version