প্ৰথম মহিলা প্ৰধান বিচাৰপতি লাভ কৰিব ভাৰতে । উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে প্ৰেৰণ কৰা নটা নামৰ তালিকাত কেন্দ্ৰৰ সন্মতিৰ পাছত এইবাৰ ছিলমোহৰ দিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । কলেজিয়ামে প্ৰেৰণ কৰা নামৰ তালিকাত তিনিগৰাকী মহিলা বিচাৰপীঠৰ নাম আছে । আগন্তুক ৩১ আগষ্টত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা বিচাৰপীঠসকলৰ ।
উচ্চতম ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বাধীন কলেজিয়ামে প্ৰেৰণ কৰা নটা নামৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগৰত্না । ২০২৭ত তেৱেঁই দেশৰ প্ৰথম মহিলা প্ৰধান ন্যায়াধীশ হোৱাৰ সম্ভাৱনা অধিক ।
প্ৰধান বিচাৰপীঠ এন ভি ৰামানাৰ নেতৃত্বাধীন উচ্চতম ন্যায়ালয় কলেজিয়ামত অন্য বিচাৰপীঠসকল হ’ল ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ এ এম খানউইলকৰ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এল নাগেশ্বৰ । কলেজিয়ামে প্ৰস্তুত কৰা তালিকাত নাম আছে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ ওকা, গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিক্ৰম নাথ, ছিক্কিমৰ মুখ্য ন্যায়াধীশ জে কে মহেশ্বৰী, তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিমা কোহলী, ন্যায়াধীশ নাগৰত্না, কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চি টি ৰবিকুমাৰ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুন্দৰেশ, গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বেলা ত্ৰিবেদী আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰবীণ অধিবক্তা পি এছ নৰসিংহ ।
এয়ে প্ৰথম কলেজিয়ামে প্ৰস্তুত কৰা তালিকাত তিনিগৰাকী মহিলা ন্যায়াধীশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । আটাইতকৈ তাৎপৰ্যপূৰ্ণ হৈছে, আগন্তুক সময়ত এই তালিকাৰ পৰাই প্ৰথম মহিলা প্ৰধান ন্যায়াধীশ লাভ কৰিব পাৰে দেশে ।