দক্ষিণ আফ্ৰিকাৰ কুউৰো একাডেমী প্ৰিটোৰিয়াৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী সমৃদ্ধি গোহাঁইৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘3 Epic Adventures’ৰ বাবে ২০২১ৰ দক্ষিণ আফ্ৰিকাৰ মহীয়সী মহিলা শাৰ্লট মাক্সেকেৰ সোঁৱৰণত প্ৰদান কৰা বঁটা লাভ কৰিছে । উল্লেখ্য যে সমাজত বিভিন্ন শিতানত প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা মহিলাসকলক এই বঁটাৰ বাবে দেশখনে নিৰ্বাচিত কৰি উৎসাহিত কৰি আহিছে ।
দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ মন্ত্ৰী লিনড্ৰিউ জুলু, উইটৱাটাৰছেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জুবিন ডালমিনকে ধৰি বহুকেইগৰাকী বিশিষ্ট মহিলাই ২০২১ৰ এই বঁটা লাভ কৰিছে । চিএমএমআই আৰু ডিএছএচিৰ যৌথ সহযোগত জোহান্সবাৰ্গৰ এখন অভিলাষী হোটেলত অনুষ্ঠিত এক অনুষ্ঠানত দক্ষিণ আফ্ৰিকাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীৰ উপস্থিতিত শাৰ্লট মাক্সেকে বঁটাসমূহ প্ৰদান কৰা হয় ।
উল্লেখ্য যে ২০২১ বৰ্ষত দক্ষিণ আফ্ৰিকাৰ চৰকাৰে শাৰ্লট মাক্সেকে বৰ্ষ হিচাপে উদযাপন কৰিছে । অসমৰ পানীতোলাৰ তথা পিতৃৰ কৰ্ম সূত্ৰে দক্ষিণ আফ্ৰিকাত থকা সমৃদ্ধিয়ে ১০ বছৰ বয়সতে লেখি উলিওৱা কল্যাণমূলক তিনিটা কাহিনীৰ ‘3 Epic Adventures’ নামৰ কিতাপখন ইতিমধ্যে Amazon.com ত উপলব্ধ হৈছে ।
কিতাপখন পঢ়ুৱৈক বিক্ৰী কৰি অৰ্জন কৰা কিছু টকা ইতিমধ্যে সমৃদ্ধিৰ ইচ্ছা অনুসৰি এখন ‘অনাথ আশ্ৰম’লৈ বৰঙনি আগবঢ়োৱা হৈছে । উল্লেখযোগ্য যে সমৃদ্ধি গোহাঁইৰ পিতৃ ড° মুকুট গোহাঁই দক্ষিণ আফ্ৰিকাৰ প্ৰতিষ্ঠিত ঔদ্যোগিক প্ৰতিষ্ঠানৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ মুৰব্বী তথা মুখ্য বিজ্ঞানী হিচাপে কৰ্মৰত । আনহাতে, সমৃদ্ধিৰ মাতৃ সংগীতা বৰুৱা গোঁহাইও মেডিকেল প্ৰ’চেছ টেকনোল’জিৰ বিজ্ঞানী হিচাপে কৰ্মত নিয়োজিত হৈ আছে ।