ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে এছএছবিয়ে গুৱাহাটীৰ ৰাজভৱনৰ পৰা দিল্লীৰ ৰাজঘাটলৈ যাত্ৰা কৰা চাইকেল ৰেলী আৰু তেজপুৰ পৰা দিল্লী ৰাজঘাটলৈ যাত্ৰা কৰা চাইকেল ৰেলী আজি গোসাইগাঁৱত উপস্থিত হয়৷ ‘আজাদি কা অমৃত’ শ্লোগানেৰে যাত্ৰা কৰা চাইকেল ৰেলীখন উদ্বোধন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে৷
যোৱা ২৮ আগষ্টত যাত্ৰা আৰম্ভ কৰা ৰেলী গোসাইগাঁও মহকুমাৰ মাটিয়াজুৰিস্থিত এছএছবিৰ ৩১ নম্বৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত আদৰণি জনোৱা হয়৷ এই উপলক্ষে আয়োজিত আদৰণি অনুষ্ঠানত চাইকেল ৰেলীত অংশগ্ৰহণ কৰা লোকসকলক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা, বিটিআৰৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী, মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তা, পৰিষদীয় সদস্য ৰহিন্দ্ৰ ব্ৰহ্ম, এছএছবিৰ উপ নিৰ্দেশক দিব্যৰঞ্জন সিংহ লগতে এছএছবিৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে৷