কলগাছিয়াৰ শওঁপুৰত উত্তপ্ত পৰিস্থিতি

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওঁপুৰ গাঁৱৰ গাড়ী চালক ছাইফুল ইছলামে বৃহস্পতিবাৰে নিশা কলগাছিয়াৰ আব্দুল মালেকক গাড়ীৰে খুন্দা মাৰে।

প্ৰাপ্ত অভিযোগ মতে আব্দুল মালেক আৰু চালকৰ মাজত আছিল ব্যক্তিগত শত্ৰুতা। শত্ৰুতাৰ পোটক তুলিবলৈ AS 01BQ 1109 নম্বৰৰ চাৰি চকীয়া বাহনৰে আব্দুল মালেকক খুন্দা মাৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে চালক ছাইফুল ইছলামৰ অনৈতিক কাৰ্য্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাত জৰিমনা ভৰিবলগীয়া হৈছিল।

যাৰ বাবে ছাইফুল ইছলামে ইচ্ছাকৃত ভাবে নিজৰ চাৰি চকীয়া বাহনেৰে পথৰ দাঁতিত ৰৈ থকা অৱস্থাত আব্দুল মালেকক খুন্দা মাৰে বুলি মালেকৰ আত্মীয়ই জানিব দিয়ে।

তথ্য অনুসৰি উত্তেজিত ৰাইজে ছাইফুল ইছলামৰ বাহনখন ভঙাৰ লগতে ইছলামক ৰাইজে কৰায়ত্ব কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়ে। দোষীৰ উপযুক্ত শাস্তি দাবী কৰিছে পৰিয়ালৰ লোকে।

Exit mobile version