মানহানিৰ গােচৰত কংগনাৰ আবেদন নাকচ ন্যায়ালয়ৰ

Kangana Ranaut PTI

আকৌ এবাৰ অস্বস্তিৰ সন্মুখীন হ’ল বলিউড অভিনেত্রী কংগনা ৰণৌট।অভিনেত্রীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে। বলিউডৰ গীতিকাৰ-চিত্রনাট্যকাৰ জাভেদ আখতাৰে ৰুজু কৰা মানহানিৰ গােচৰ নাকচ কৰিবলৈ বােম্বে উচ্চ ন্যায়ালয়ৰ দ্বাস্থ হৈছিল।

কংগনাৰ এই আবেদন প্রত্যাখ্যান কৰিলে আদালতে। আন্ধেৰীৰ দণ্ডাধীশে চলিত বৰ্ষৰ আৰম্ভণিতে কংগনাৰ বিৰুদ্ধে তদন্তৰ যি নির্দেশ দিছিল, তাক প্ৰত্যাহ্বান জনাই অভিনেত্রীগৰাকীৰ অধিবক্তা ৰিজৱান ছিদ্দিকীয়ে বােম্বে উচ্চ ন্যায়ালয়ত অভিনেত্রীৰ বিৰুদ্ধে উত্থাপিত অভিযােগ প্রত্যাহাৰ কৰিবলৈ দাবী জনাইছিল।

কিন্তু কংগনাৰ এই আবেদন বৃহস্পতিবাৰে বােম্বে উচ্চ ন্যায়ালয়ে প্রত্যাখ্যান কৰে। ফলত মানহানিৰ গােচৰত স্বাভাৱিকতে অস্বস্তিৰ সন্মুখীন হ’ল বলিউডৰ এইগৰাকী সদা বিতর্কিত অভিনেত্রী।

Exit mobile version