প্ৰতিদিনে দেশত বেংকৰ কামৰ বাবে ম’বাইলৰ ব্যৱহাৰ বাঢ়িছে । লগতে হেকাৰৰ সংখ্যাও বৃদ্ধি পাইছে । এইবাৰ এক নতুন এণ্ড্ৰইড মালৱেৰৰ সম্পর্কে সতর্ক কৰিলে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ইণ্ডিয়ান কম্পিউটাৰ এমাৰজেন্সি ৰেছপন্স টীমে (চিইআৰটি-ইন) । দ্রিনিক নামক সেই মালৱেৰৰ সংশয় কেৱল এটা বেংক নহয় । বহু ৰাষ্ট্রীয় বংকসহ দেশৰ ২৭টা বেংকৰ তথ্য চুৰ কৰিব পাৰে এই মালৱেৰে ।
সাধাৰণতে কোনো এণ্ড্রইড ফোনত দ্রিনিক নাথাকে । হেকাৰে নানা প্রলোভন দেখুওৱাই গ্রাহকসকলৰ ফোনত ইনষ্টল কৰায় । ইয়াৰ পাছত বেংক সংক্রান্ত যাৱতীয় গুৰুত্বপূর্ণ তথ্য চুৰ কৰি লয় । ইতিমধ্যে কে’বাটাও অভিযোগ অহাৰ পাছত চিইআৰটি-ইনে জানিবলৈ দিছে, আয়কৰ বিভাগৰ কর্মীৰ ভাও ধৰি গ্রাহকসকলৰ স’তে কথা পাতে হেকাৰসকলে । গ্রাহকে আয়কৰ বিভাগৰ পৰা টকা ঘূৰাই পাব বুলি এটা এছএমএছ পঠোৱা হয় । তাত দিয়া লিংক খুলিলে হুবহু আয়কৰ বিভাগৰ ৱেবছাইটৰ দৰে এটা পেজ খুল খায় । তাত নাম, পেন, আধাৰ, ম’বাইল নম্বৰৰ লগতে ঠিকনাও দিয়া হয় । আয়কৰ বিভাগৰ টকা ঘূৰাই পাবৰ বাবে এটা অনলাইন ফর্ম পূৰণ কৰিবলৈ কোৱা হয় । ইয়াৰ বাবে একাউন্ট নম্বৰ আৰু আইএফএছচিও বিচৰা হয় । তদুপৰি, ডেবিট কার্ডৰ নম্বৰ, এক্সপাইৰী ডেট, চিভিভি আৰু পিনো দিবলৈ কোৱা হয় । এইসমূহ তথ্য লাভ কৰিলে বেংকৰ জমা টকা চুৰি কৰিবলৈ কোনো সমস্যা নহয় ।
যি এপৰ জৰিয়তে এই সকলোবোৰ তথ্য লোৱা হয় সেই এপটোৱে পাছত জনায় যে গ্রাহকজনে আয়কৰ বিভাগৰ পৰা কিমান টকা ঘূৰাই পাব । সেই টকাৰ অংক লিখিলে টকা লেনদেনৰ বিকল্প আহে, তাত ক্লিক কৰিলেই যাৱতীয় তথ্যৰে হেকাৰে টকা চুৰ কৰি লয় । কেৱল আয়কৰ বিভাগৰ কর্মচাৰীৰ ভাও ধৰিয়ে নহয়, বিভিন্ন বেংকৰ নাম লৈ ফোন বা এছএমএছো আহে । এই ক্ষেত্ৰত কেৱাইচি আপডেট কৰিবলৈ কোৱা হয় ।
ৰক্ষা পোৱাৰ উপায় কি ?
চিইআৰটি-ইনে জনাইছে, ম’বাইলত কোনো এপ্ ডাউনলোড কৰাৰ আগতে অতি সতর্ক হওক । সেই এপটো আপোনাৰ ম’বাইল প্রস্তুতকাৰী সংস্থাৰ এপ্ ষ্টোৰত আছে নে নাই লক্ষ্য ৰাখিব লাগিব । গুগল প্লে ষ্টোৰৰ পৰা এপ্ ডাউনলোড কৰিলে সংশয় কম । তৎস্বত্তেও, সকলো সময়তে কোনো এপ্ ডাউনলোড কৰাৰ সময়ত সেই এপটো কিমান মানুহে ব্যাৱহাৰ কৰিছে, তেওঁলোকে কি মন্তব্য কৰিছে চাই লোৱা উচিত ।
গ্রাহকসকলে এই বিষয়ত সচেতন থকা প্ৰয়োজন যিকোনো ব্যক্তিৰ পৰামর্শত কোনো এপ্ ডাউনলোড কৰা উচিত নহয় । কোন ম’বাইল নম্বৰৰ পৰা এছএমএছ আহিছে চাই ল’ব লাগিব । সাধাৰণতে, হেকাৰসকলে ফোন নম্বৰ গোপন ৰাখিবলৈ অন্য নামত এছএমএছ পঠায় । লগতে কোনো ইউআৰএল-ত ক্লিক কৰাৰ আগতে চাই ল’ব লাগে যে সেইটো সঠিক হয় নে নহয় ।