গুৱাহাটী পৌৰ নিগম নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাৰ ৰাজীৱ ভৱনত সংবাদমেল

WhatsApp Image 2021 09 30 at 8.41.16 PM

গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ নকৰি নিগমৰ সকলো ক্ষমতা কুশীগত কৰি গণতন্ত্ৰৰ বিকেন্দ্ৰিকৰণৰ ব্যৱস্থাক প্ৰহসনত পৰিণত কৰিছে । এই অভিযোগ গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাৰ । বৃহস্পতিবাৰে গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এই অভিযোগ উত্থাপন কৰি পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ নিগমৰ নিৰ্বাচনৰ বাবে বিভাগীয় মন্ত্ৰী দায়বদ্ধ বুলি উল্লেখ কৰি তেওঁ কি কাৰণত আজি পৰ্যন্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অৱহেলা কৰি আহিছে সেই কথা স্পষ্ট কৰাৰ দাবী জনায় ।

লগতে তেওঁ মন্ত্ৰীগৰাকীৰ সাহস আছে যদি নাগৰিক সভা পাতি নাগৰিকৰ মুখামুখি হোৱাৰ প্ৰত্যাহ্বান জনায় । তেওঁ সংবাদমেলত অসম চৰকাৰে সংবিধান উলংঘা কৰি এজন আই এছ বিষয়াক বিগত তিনিটা বছৰে গুৱাহাটী নগৰ উন্নয়নৰ দায়িত্বত নিয়োগ কৰি থৈছে যিজনে গুৱাহাটী বাসীৰ কথা শুনিবই নিবিচাৰে বুলি অভিযোগ তোলে । তেওঁ কয়, “অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব পালন কৰি থকা বিষয়াজনে গুৱাহাটী বাসীৰ সমস্যাৰ বিষয়ত অৱগত নহয় । তেওঁ গুৱাহাটী বাসীক সাক্ষাৎ কৰিব নিবিচাৰে । গুৱাহাটীৰ সমস্যা সন্দৰ্ভত আলোচনা কৰিব নিবিচাৰে । তেনে এজন লোকক কি স্বাৰ্থত গুৱাহাটীৰ প্ৰশাসক ৰূপে চকীত বহুৱাই থৈছে ? পৌৰ নিগম স্থানীয় স্বায়ত্ব শাসিত চৰকাৰ । সংবিধানে প্ৰদান কৰা ক্ষমতাৰ আধাৰত নিগমে কাৰ্যনিৰ্বাহ কৰে । পৌৰ নিগম আইন অনুসৰি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । কিন্তু এই আইন উলংঘা কৰি তিনিবছৰ উকলি যোৱাৰ পিছতো নিৰ্বাচন অনুষ্ঠিত নহ’ল ? ইয়াৰ কাৰণ কি ? এই সন্দৰ্ভত নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি কংগ্ৰেছ দলৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল । কিন্তু তেওঁ নিৰ্বাচন অনুষ্ঠিত কৰা ব্যৰ্থ হল । ইয়াৰ কাৰণ স্পষ্ট কৰা উচিত ।”

গুৱাহাটী পৌৰ নিগম নিৰ্বাচন নোহোৱাত সকলোতকৈ অধিক ক্ষতিগ্ৰস্থ হৈছে গুৱাহাটীবাসী । নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হোৱা পাৰিষদ সকলক বিশেষকৈ খোৱাপানী, ৰাস্তা তথা বিভিন্ন আঁচনিৰ সন্দৰ্ভত যোগাযোগ কৰে । কিন্তু সেই লোকসকলে এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । পাৰিষদ নথকাত গুৱাহাটী বাসী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা বুলি তেওঁ উল্লেখ কৰি সংবিধানৰ নামত শপত খাই বিগত বিশ টা বছৰে বিধায়ক-মন্ত্ৰী তথা বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীৱেও গুৱাহাটী বাসীৰ সমস্যাক আওকাণ কৰা বুলি দুখ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যোগাত্মক পদক্ষেপ লোৱাৰ পৰিবৰ্তে বিভিন্ন অজুহাত নিৰ্বাচন পিছুৱাই থকা বুলিহে শৰ্মাই অভিযোগ কৰে ।

লগতে তেওঁ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰ সমস্যসমূহ সমাধানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা পাৰিষদ সকলৰ অবিহনে মুখ্যমন্ত্ৰীয়ে অকলে কেনেকৈ গুৱাহাটীক স্মাৰ্ট চিটিৰ ৰূপ দিব বুলিও তেওঁ প্ৰশ্ন কৰে । গুৱাহাটীৰ বিভিন্ন খোৱাপানীৰ আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰি তেওঁ কেগ আৰু অসমৰ ৰাজ্যপালৰ দৃষ্টি আকৰ্ষণ কৰি এই আঁচনিৰ নামত কোটি কোটি টকা অপচয় হোৱা বুলি সন্দেহ ব্যক্ত কৰে । লগতে এই আঁচনিৰ নামত দালাল ৰাজ চলি থকাৰো সন্দেহ প্ৰকাশ কৰে । সংবাদমেলত পৌৰ নিগমৰ দুগৰাকী প্ৰাক্তন পাৰিষদ ক্ৰমে স্বপন দাস আৰু উত্তম চৰকাৰ উপস্থিত থাকি গুৱাহাটীবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পাৰিষদ সকলে কিদৰে সহযোগ কৰি আহিছে সেই বিষয়ে উল্লেখ কৰে ।

Exit mobile version