বিদ্যুৎ বিহীন কাবুল, ঋণ পৰিশোধ কৰা নাই তালিবানে

ELECTRICITY OCT14.ASASAS20211013222715

আফগানিস্তানৰ ৰাষ্ট্রীয় বিদ্যুৎ কোম্পানি ‘দ্য আফগানিস্তান ব্রেছনা শ্বেৰকত’ (ডিএবিএছ)এ বুধবাৰে জনাইছে, উজবেকিস্তানৰ পৰা আফগানিস্তানৰ বহুকেইখন প্রদেশ আৰু ৰজধানী কাবুলত যান্ত্ৰিক সমস্যাৰ বাবে বিদ্যুৎ সৰবৰাহ বন্ধ কৰা হৈছে । সূত্র অনুসৰি, তালিবান চৰকাৰৰ বকেয়া বিলৰ পৰিমাণ ৬২ বিলিয়ন মার্কিন ডলাৰ । সেই টকা পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বিদ্যুৎ সৰবৰাহ বন্ধ কৰিছে ।

ডিএবিএছক স্পুটনিকে জনাইছে, উত্তৰ আফগান প্রদেশ বাঘালানত প্রযুক্তিগত সমস্যা দেখা দিছে । বিবৃতিত কোৱা হৈছে, প্রযুক্তিগত কর্মীসকলে যথা সম্ভৱ শীঘ্ৰে এই সমস্যা সমাধানৰ বাবে কাম কৰিছে । নিউজ ৰিপ’র্টত কোৱা হৈছে, নতুন তালিবান চৰকাৰে মধ্য এছিয় বিদ্যুৎ সৰবৰাহকাৰীসকলৰ ঋণ পৰিশোধ নকৰাৰ বাবে আফগানিস্তানৰ ৰাজধানী কাবুল অন্ধকাৰত ডুবিব পাৰে ।

আফগানিস্তানত জেহাদিসকল ক্ষমতাত অহাৰ পাছত ইস্তফা দিছে দেশৰ চৰকাৰী বিদ্যুৎ সংস্থাৰ প্রধান দাউদ নুৰাজিয়ে । ইয়াৰ পাছৰ পৰাই স্তব্ধ হৈ আছে সমস্ত প্রশাসনিক কাম । যদিও, উজবেকিস্তান, তাজিকিস্তান আৰু তুর্কমেনিস্তানৰ পৰা দেশৰ প্রয়োজনৰ ৫০ শতাংশ বিদ্যুৎ আমদানি কৰে আফগানিস্তানে । চলিত বৰ্ষৰ অনাবৃষ্টিৰ ফলত দেশৰ বিদ্যুৎ উৎপাদন হ্রাস পাইছে ।

ইয়াৰ উপৰি, বিদ্যুৎ সংস্থাবোৰৰ বকেয়াও দিয়া নাই তালিবানে । ফলত শীত কালৰ আগতে জোগান বন্ধ কৰি দিব পাৰে তেওঁলোকে । তেওঁ জনায়, বিদ্যুতৰ জোগান বন্ধ হ’লে সমগ্ৰ দেশ প্রভাৱিত হ’ব । সৰ্বাধিক প্রভাৱ পৰিব কাবুলত । ফলত টেলি কমিউনিকেচন ব্যৱস্থাৰ বৃহৎ ক্ষতি হ’ব । অন্ধকাৰ যুগত উভতি যাব আফগানিস্তান ।

কিছুদিন পূৰ্বেই ৰাষ্ট্রসংঘৰ মানৱতা বিষয়ক সমন্বয় দপ্তৰে দাবী কৰিছিল, দ্রুত বিপর্যয়ৰ সন্মুখীন হ’ব আফগানিস্তানে । ৰাষ্ট্রসংঘৰ মুখপাত্র জেন্স লার্কে জেনেভাত এক সাংবাদিক সন্মীলনত জনাইছিল, লাখ লাখ আফগান নাগৰিক বৃহৎ সমস্যাৰ সন্মুখীন হ’ব ।

Exit mobile version