● বেঁকী নৈত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনা ।
●ঘটনাত সন্ধানহীন এগৰাকী মহিলা ।
● এখন নাৱেৰে ১০ জনকৈ যাত্ৰী পাৰ হৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ।
● নাৱেৰে বেঁকী নদী পাৰ হৈ দিন হাজিৰা কৰা শ্ৰমিকৰ ১০ জনীয়া এটা দলে হাজিৰা কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ।
● নাওখনত থকা ন জন যাত্ৰী উদ্ধাৰ হৈছে যদিও এগৰাকী মহিলা এতিয়াও সন্ধানহীন হৈ আছে ।
● ইফালে গুৰুতৰভাৱে আহত সাতগৰাকীক বৰপেটা ৰোড অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
● ঘটনাস্থলীত উপস্থিত গোৱৰ্দ্ধনা আৰক্ষীৰ লগতে এছডিআৰএফ-ৰ এটা দল ।
● এছডিআৰএফ-ৰ দলটোৱে ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই ।