ডবকা সংৰক্ষিত বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত নগাঁৱৰ ১৫ প্ৰকৃতিপ্ৰেমী সংগঠনৰ জনজাগৰণ অভিযান

ডবকাৰ সংৰক্ষিত বনাঞ্চল শালবাগান ৰক্ষাৰ স্বাৰ্থত দল সংগঠনৰ প্ৰতিবাদ আজিও অব্যাহত আছে । আজি দুপৰীয়া নগাঁৱৰ পৰা অহা ইলোৰা বিজ্ঞান মঞ্চ, গ্ৰীণ গাৰ্ড (অসম), হস্তিবন্ধু অসম, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতি, লাওখোৱা বুঢ়া চাপৰি ছ’চাইটি, সমাজ সংস্কৃতি ইতিহাসমূলক সাময়িকি সভ্যতা, আধুনিক অসমীয়া সাপ্তাহিক কলংপাৰ, প্ৰকৃতি সংগঠন মাইহাং, সদৌ অসম কবি সন্মিলন, সদৌ অসম কবি চক্ৰ আদিকে ধৰি ১৫ টাকৈ সংগঠনৰ প্ৰতিনিধি ডবকা সংৰক্ষিত বনাঞ্চলত উপস্থিত হয় ৷

স্থানীয় উপস্থিত ৰাইজৰ মাজত তেওঁলোকে পৰিৱেশ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাৰ বাবে বক্তব্য আগবঢ়ায় ৷ তদুপৰি, ৰাইজৰ সচেতনতা বৃদ্ধিৰ বাবে এজন প্ৰতিবাদকাৰীয়ে মুখত অক্সিজেন মাস্ক , পিঠিত চিলিণ্ডাৰ বান্ধি আৰু হাতত গছৰ পুলি লৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, ধাৰাবাহিকভাৱে যোৱা কে’বাদিনো ধৰি স্থানীয় ৰাইজ, আছু, আমছুকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদৰ পাছত বন বিভাগৰ শীৰ্ষ বিষয়া আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ দুই বিষয়াই বিকল্প পথৰ বাবে অনুসন্ধান চলায় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে বনাঞ্চলখনত গছ নকটাকৈয়ে বিকল্প পথৰ ব্যৱস্থা কৰিব পৰা যায় নেকি সেয়া পুনৰ বনবিভাগে চাব ৷ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পাছতো ৰাইজ আস্বস্ত হ’ব পৰা নাই ৷

ৰাইজৰ দাবী, যেতিয়ালৈকে বিকল্প পথ নিৰ্মাণৰ কাম ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে আৰম্ভ নকৰে নতুবা বন বিভাগে লিখিতভাৱে ৰাইজক গছ কটা নহ’ব বুলি অবগত নকৰে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব ৷ ইপিনে, হোজাই জিলা আমছুৱে আজিৰ পৰা গন স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে ৷ এই কাৰ্যসূচীৰ জৰিয়তে অহা ১০ দিন পৰ্যন্ত হোজাই জিলাত গন স্বাক্ষৰ গ্ৰহণ কৰি শালগছ কটা বন্ধ কৰাৰ দাবীৰে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা সংগঠনটোৱে সদৰী কৰিছে ৷

Exit mobile version