Israel-Iran : ইজৰাইল-ইৰানৰ টুইট-যুদ্ধ

alexander shatov k1xf2D7jWUs

পশ্চিম এছিয়াৰ স্থিতাৱস্থা ভাঙিছে ইৰানে । এই মন্তব্য কৰিছিল ভাৰতত নিযুক্ত ইজৰাইলৰ ৰাষ্ট্রদূত নৰ গিলনৰ । তেওঁ কৈছিল, পৰমাণু-অস্ত্র সক্ষম অতি কট্টৰপন্থী প্রশাসকে ইৰান দেশখনক চলাইছে । পশ্চিম এছিয়াৰ বাবে অতি বিপজ্জনক ।

ৰাষ্ট্রদূতৰ এই মন্তব্যৰ পাছতে ইৰানে কৈছিল, ‘‘তেওঁ শিশুসুলভ কথা কৈছে ।’’ ইৰানে এটা বিবৃতি দি কয়, ‘‘শান্তিপূর্ণ সভ্যতাৰ ইতিহাস ইজৰাইলৰ ! স্বার্থপৰ তথা ৰক্তাক্ত প্রশাসক, যাৰ মানৱ অধিকাৰ ভংগ, শিশু-হত্যাৰ অসংখ্য নজিৰ অছে । অসৎ চিন্তাভাবনাৰ ইহুদি দূতে শিশুসুলভ কথা কৈছে ।’’

ইৰানৰ বিবৃতিৰ পাছত গিলনে টুইট কৰে, ‘‘কোনো কোনোৱে মোক ‘শিশু’ৰ দৰে কৈছে, ‘এডভেঞ্চাৰ প্রেমী’ কৈছে । মই এইটো প্রশংসা হিচাপেই লৈছো । ইতি, আপোনালোকৰ প্রিয় অসৎ ভাবনাৰ ইহুদি দূত ।’’ আজি আমেৰিকান বি-১বি বোমাৰু বিমানক পথ দেখুৱাই লৈ যায় ইজৰাইলৰ ফাইটাৰ জেটে । আমেৰিকা-ইজৰাইলৰ সেই বন্ধুত্বৰ দৃশ্য টুইট কৰিছে ইজৰাইল ডিফেন্স ফোর্চে ।

Exit mobile version