★কমলা টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। এইবিধ ভিটামিনে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেইবাবে কমলা টেঙা নিয়মীয়াকৈ খাব লাগে।
★এইবিধ টেঙা খালে (নিয়মীয়াকৈ) বাৰ্ধক্যৰ আগমনৰো বিলম্ব হয়।
★ভিটামিন ‘চি’ৰ বাবে শৰীৰৰ এনজাইম বা উৎসহসমূহ সক্ৰিয় হৈ থাকে।
★শৰীৰত সৃষ্টি হোৱা ক্ষত আদি সোনকালে শুকোৱাত সহায় কৰে কমলাই।
★ভিটামিন ‘চি’ৰ অভাৱত ৰক্তবাহী নলীৰ পৰা ৰক্তক্ষৰণ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। ৷
★পকা কমলা টেঙাত প্ৰচুৰ পৰিমাণে ফ্লেভেনয়ড পোৱা যায়।
★কমলা টেঙাত থকা বিভিন্ন উপাদানে সাধাৰণ পানীলগা আদি প্ৰতিৰোধ কৰে।
★প্ৰতি এশগ্ৰাম কমলা ৰসত থকা বিভিন্ন উপাদানৰ পৰিমাণ হ’ল— প্র’টিন ০.৭ গ্রাম, কেলছিয়াম ২৩ মিলিগ্রাম, ভিটামিন ‘এ’ ১১০৪ মাইক্ৰ’গ্রাম, ভিটামিন ‘চি’ ৩০ মিলিগ্ৰাম আৰু কেলৰি বা শক্তি ৪৮।
★শৰীৰৰ অপকাৰী ফ্ৰিৰেডিকেল সমূহৰ ধ্বংস প্ৰতিৰোধ কৰিব পাৰে কমলাত থকা বিভিন্ন উপাদানেই।
★নিয়মীয়াকৈ ১০ আউন্স কমলা টেঙাৰ ৰস খালে ভিটামিন ‘চি’ৰ অভাৱ নহয়।
★হৃদৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে কমলা টেঙাৰ। । পেশীসমূহৰ সক্রিয়তা বৃদ্ধি কৰে।v