হোজাইৰ লামডিং বনাঞ্চলত উচ্ছেদ অভিযান

অভিযানত নামিল বৃহৎ সংখ্যক আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লগতে এক্সাভেটৰ-ট্ৰেক্টৰ-হাতী, মুকলি হ’ব পাঁচশ হেক্টৰ দখলীকৃত বনাঞ্চলৰ ভূমি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ চলিবলগীয়া উচ্ছেদ অভিযানত পাঁচশ হেক্টৰ ভূমি মুকলি কৰা হ’ব । সেই অনুসৰি আজি পুৱাৰে পৰা সংৰক্ষিত বনাঞ্চলখনত আৰম্ভ হয় উচ্ছেদ অভিযান ।

পুৱা ন বজাৰ পৰা আৰম্ভ হোৱা উচ্ছেদ অভিযানত জিলাখনৰ আৰক্ষী বাহিনীৰ লগতে মোতায়েন কৰা হয় দেৰগাঁৱৰ একাদশ আৰক্ষী বেটেলিয়ন, দৰং জিলাৰ খজুৱাবিল স্থিত তৃতীয় এপিটিএফ বাহিনীৰ আৰক্ষী জোৱান আৰু অৰ্ধসামৰিক বাহিনীৰ চাৰিটাকৈ কোম্পানী ।

ইপিনে, বনবিভাগৰ তেজপুৰ, নগাঁও, হোজাইৰ পাঁচ শতাধিক বিষয়া-কৰ্মী আৰু প্ৰৰ্টেকচন ফ’ৰ্চ মোতায়েন কৰা হয় । ইয়াৰোপৰি, এক্সাভেটৰকে ধৰি অৰ্ধ শতাধিক ট্ৰেক্টৰ, ১০টাৰো অধিক হাতী উচ্ছেদ কাৰ্যত ব্যৱহাৰ কৰাৰ লগতে ড্ৰ’নৰ সহায় লোৱা হয় ।বনাঞ্চলখনত আজি চলা প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানত পাগলাবস্তি, হাজিবস্তি আৰু কমৰপানী গাঁওকেইখনৰ দুশৰো অধিক হেক্টৰ ভূমি মুকলি কৰা হয় । সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলা এই উচ্ছেদ অভিযানৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ।

উল্লেখ্য যে, হস্তী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃত বনাঞ্চলখনৰ পাঁচশ হেক্টৰ ভূমিত পাঁচখনকৈ গাঁও পাতি বেদখলকাৰীসকলে বসতি স্থাপন কৰাৰ লগতে বিভিন্ন কৃষিকৰ্ম কৰিছিল । উক্ত গাঁওকেইখনৰ পাগলাবস্তিত বসতি কৰিছিল ৫৫ ঘৰ গাৰো সম্প্ৰদায়ে, হাজিবস্তিত ৬০ঘৰ গাৰো আৰু চাকমা জনগোষ্ঠীয়ে, কমৰপানীত ২০০ঘৰ মুছলিম সম্প্ৰদায়ে, ভেটনলাত ১৭০ ঘৰ মুছলিম সম্প্ৰদায়ে আৰু লাংচিপাইত ৪০ ঘৰ গাৰো সম্প্ৰদায়ৰ লোকে । এইসকল লোকৰ প্ৰায়সংখ্যক লোকেই জিলা প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছত জাঞ্জু নামৰ ঠাইডোখৰত অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছেহি । যাৰ বাবে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পৰিৰ্ৱতে শান্তিপূৰ্ণভাৱে উচ্ছেদ কাৰ্য অব্যাহত থাকে ।

আনহাতে, হোজাই জিলা প্ৰশাসনে উচ্ছেদৰ সময়ছোৱাত দখলকাৰীসকলে এৰি যোৱা গৃহসমূহ ভাঙি লণ্ডভণ্ড কৰে ।

Exit mobile version