Srinagar Airport : শ্রীনগৰক ‘মেজৰ’ বিমানবন্দৰ ঘোষণা

1636347519 desh2

জম্মু-কাশ্মীৰৰ শ্রীনগৰ বিমানবন্দৰক ‘মেজৰ এয়াৰপ’র্ট’-ৰ ঘোষণা কৰিলে কেন্দ্রীয় চৰকাৰে । বিমান মন্ত্রণালয়ৰ পৰা আজি এই সংক্রান্তত এটা বিজ্ঞপ্তি জাৰি কৰা হৈছে । বিজ্ঞপ্তিত জনোৱা হৈছে, ২০০৮ৰ ‘এয়াৰপ’র্টছ ইকনমিক ৰেগুলেটৰী অথৰিটি এক্ট’ অনুসৰিএই ঘোষণা কৰা হৈছে । ইয়াৰ ফলত ‘এয়াৰপ’র্টছ ইকনমিক ৰেগুলেটৰী অথৰিটি’য়ে (এৰা) শ্রীনগৰ বিমানবন্দৰত সেৱা মাছুল নির্ধাৰণ কৰিব ।

দেশৰ বৃহৎ বিমানবন্দৰবোৰক কেন্দ্রীয় বিমান মন্ত্রণালয়ে ‘মেজৰ’ হিচাপে চিহ্নিত কৰে । ‘এৰা’ গঠিত হৈছিল ‘মেজৰ’ বিমানবন্দৰবোৰৰ পৰিবহণৰ ভাৰা আৰু যাত্রী সেৱা মাছুলৰ দৰে অন্যান্য মূল্য নিয়ন্ত্রণ কৰিবলৈ । বার্ষিক যাত্রী পৰিবহণৰ বাবদ নিদেন ৩৫ লাখ টকা উঠিলে ‘এৰা’ আইন অনুযায়ী কোনো বিমানবন্দৰক ‘মেজৰ’ হিচাপে চিহ্নিত কৰিব পাৰে কেন্দ্র‌ই । ‘নন-মেজৰ’ বিমানবন্দৰবোৰৰ ক্ষেত্রত মাছুল নির্ধাৰণ কৰে বিমান মন্ত্রণালয়ৰ অধীনস্থ ‘এয়াৰপ’র্ট অথৰিটি অৱ ইণ্ডিয়া’ই (এএআই) ।

শ্রীনগৰৰ শেখ উল আলম বিমানবন্দৰ বিমান বাহিনীৰ মালিকানাধীন । ১৯৭৯ত এয়াৰপ’র্ট অথৰিটি অৱ ইণ্ডিয়াই তাত যাত্রী পৰিবহণৰ পৰিসৰ তৈয়াৰ কৰে । ১৯৯৮ত আন্তর্জাতিক উৰান উঠা-নমা কৰাৰ পৰিকাঠামো তৈয়াৰ হয় । ১৯৯৯ত কার্গিল যুদ্ধৰ সময়ত বিমান বাহিনীয়ে বন্দৰটো সম্পূৰ্ণ অধিগ্রহণ কৰে । সেই সময়ত যাত্রিবাহী বিমানৰ অবতৰণ নিষিদ্ধ আছিল । ২০০৫ত শ্রীনগৰ আন্তর্জাতিক বিমানবন্দৰ ঘোষিত হয় ।

Exit mobile version