অবৈধ প’ষ্টাৰ মৰা-য’তে ত’তে থু-পিক পেলোৱাক লৈ নিষেধাজ্ঞা জাৰি কৰিব গুৱাহাটী পৌৰ নিগমে

অভিযোগ দাখিলৰ বাবে মুকলি কৰা হয় চাৰিটাকৈ নম্বৰ, আজিৰে পৰা প্ৰযোজ্য হ'ব নিয়ম

WhatsApp Image 2021 11 09 at 8.21.44 PM

গুৱাহাটী মহানগৰীক স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ । এই ক্ষেত্ৰত মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত পৌৰ আয়ুক্ত দেৱশীষ শৰ্মাই এক সংবাদমেলযোগে কে’বাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । বিশেষকৈ গুৱাহাটী মহানগৰীত নতুনকৈ মুকলি হোৱা উৰণীয়া সেতুৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত অবৈধভাৱে বিজ্ঞাপনৰ প’ষ্টাৰ লগোৱা, পিক-থু পেলোৱাক লৈ সৰৱ হৈ পৰে আয়ুক্তগৰাকী ।

আয়ুক্তগৰাকীয়ে কয়, ‘গুৱাহাটীৰ মহানগৰীৰ এই উৰণীয়া সেতুখন সকলোৰে গৌৰৱ হ’ব লাগিছিল । কিন্তু দুঃখিত যে এসপ্তাহৰ ভিতৰতেই সেতুখনৰ ঠায়ে ঠায়ে থু-পিক পেলোৱাৰ লগতে প’ষ্টাৰ লগালে । তদুপৰি গুৱাহাটীৰ বিভিন্ন স্থানত এনে অবৈধ প’ষ্টাৰিং আমি দেখিবলৈ পাই আহিছো । আমি সকলোকে অনুৰোধ জনাইছিলো এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ । গুৱাহাটী মহানগৰীখন সর্বাংগসুন্দৰ কৰি ৰাখিবলৈ আমি সকলোকে আহ্বান জনায় আহিছিলো । কিন্তু আমাৰ আহ্বানক আওকাণ কৰা হ’ল । সেয়ে আমি এইসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।’

আয়ুক্তগৰাকীয়ে লগতে কয়, ‘এই লোকসকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছো । ৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১, ৭৩৯৯০০৩০০২ আৰু ৭৩৯৯০০৩০০৪ এই চাৰিটা নম্বৰ মুকলি কৰিছো, য’ত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব । যদি কোনো লোকে এনেদৰে অবৈধভাৱে প’ষ্টাৰিং কৰে বা পিক পেলায় নিগমৰ আইন অনুসৰি ৩৯০ দফাত তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । প্ৰয়োজন হ’লে আমি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম ।’

আয়ুক্তগৰাকীয়ে তেনে লোকসকলৰ ফটো তুলি ঠিকনাসহ নিগমৰ অভিযোগ নম্বৰকেইটাত প্ৰেৰণ কৰিবলৈ গুৱাহাটীবাসীক অনুৰোধ জনায় । ফটো প্ৰেৰণকাৰী সকলক নিগমৰ তৰফৰ পৰা এহেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব বুলিও তেওঁ কয় । গুৱাহাটীখন নিজৰ বুলি ভাবি চহৰখনক চাফ চিকুনকৈ ৰখাৰ বাবে গুৱাহাটীবাসীক আহ্বান জনায় তেওঁ পুনৰ কয়, ‘আজি জাননী ওলাব । কাইলৈৰ পৰা নিয়ম প্রযোজ্য হ’ব । কোনেও প’ষ্টাৰিং কৰিব নোৱাৰিব । য’তে ত’তে থু-খেকাৰ পেলাব নোৱাৰিব । যিসকলে ইতিমধ্যে প’ষ্টাৰিং কৰিছে তেওঁলোকক ১৫ দিনৰ ভিতৰত সেইবোৰ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিয়া হৈছে । এইক্ষেত্ৰত আয়ুক্ত শৰ্মাই গুৱাহাটী মহানগৰীৰ আৰক্ষীৰো সহায় সহযোগিতা কামনা কৰে । তেওঁ লগতে নতুনকৈ মুকলি হোৱা উৰণীয়া সেতুখনত কোনো লোকে জন্মদিন উদযাপন কৰি সামাজিক মাধ্যম যোগে আনকো সেতুখনত বিভিন্ন অনুষ্ঠান পাতিবলৈ কৰা আহ্বানক গৰিহণা দিয়ে ।’ লগতে তেওঁলোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰে ।

ইয়াৰ লগতে য’তে ত’তে আৱৰ্জনা পেলোৱা সকলক জৰিমনা বিহা হ’ব বুলিও কয় । সংবাদমেলত আয়ুক্ত শৰ্মাই গুৱাহাটী মহানগৰীৰ উৰণীয়া সেতুসমূহৰ তলত ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে । নিগমৰ অধীনত ইতিমধ্যে লায়ন্স ক্লাৱে ৩.৫০ কোটি টকা ব্যয়ৰে গণেশগুৰি উৰণীয়া সেতুৰ লগতে বিভিন্ন উৰণীয়া সেতুৰ তলত মুঠ ১৬ টা টয়লেট নিৰ্মাণ কৰাৰ কাম হাতত লৈছে বুলি উল্লেখ কৰে ।

ইয়াৰ লগতে মহানগৰীৰ অবৈধ পাৰ্কিং, দখলী প্ৰমাণপত্ৰ নোলোৱাকৈ গৃহ সম্প্ৰসাৰণ কৰা ব্যক্তিগত চিকিৎসালয় আৰু আবাসৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব বুলিও উল্লেখ কৰে । তেওঁ কয়, ‘ইতিমধ্যে আমি তেনে ৬৪ খন চিকিৎসালয়লৈ জাননী প্ৰেৰণ কৰিছো । তেওঁলোকে নিগমক কৰ ফাঁকি দি আহিছে । ইয়াৰে ৩৪খন চিকিৎসালয়ে আমাক উত্তৰ দিছে । বাকী কেইখনলৈ আমি পুনৰ জাননী পঠিয়াম ।’

আয়ুক্ত শৰ্মাই পদপথ ব্যৱসায়ী সকলৰ বাবে শীঘ্ৰে ভেণ্ডিং জ’ন স্থাপন কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে । তেওঁ কয়, ‘বৰ্তমান গুৱাহাটীত ২৪টা ভেণ্ডিং জ’ন আছে । সেয়া বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব । তেনেদৰে নিগমৰ মুঠ ৫৪ টা পাৰ্কিং আছে বুলি উল্লেখ কৰি তাৰ ভিতৰত মাত্ৰ ন টা পাৰ্কিঙতহে পইচা দিব লাগে বুলি উল্লেখ কৰে । যদি কোনো পাৰ্কিঙত নিৰ্ধাৰিত কৰতকৈ অধিক কৰ লৈছে বা লয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে লগে লগে নিগমক অভিযোগ দিবলৈ আয়ুক্তগৰাকীয়ে আহ্বান জনায় ।

Exit mobile version