ইটালীয় সংস্থাৰ স’তে বিজেপি-ৰ ‘গোপন চুক্তি’ ! মোদী চৰকাৰৰ অস্বস্তি বঢ়ালে ৰাহুল গান্ধীয়ে

Rahul Gandhi Rafale 696x392 2

ৰাফল যুদ্ধবিমান সন্দৰ্ভত ইউপিএ চৰকাৰক কটাক্ষ কৰিছিল বিজেপি চৰকাৰে । কেন্দ্রত অহাৰ পাছত ৰাফল ইৰ্ছ্যুত একাধিক ধন আত্মসাতৰ অভিযোগ কৰা হৈছিল কংগ্রেছৰ বিৰুদ্ধে । ফ্রান্সৰ স’তে ৰাফল যুদ্ধবিমান চুক্তিত দুর্নীতিত কংগ্রেছৰ নাম জড়িত কৰাৰ পাছত এইবাৰ ক্ষমতাত থকা বিজেপিক অগাষ্টা ৱেষ্টলেণ্ড ভিভিআইপি হেলিকপ্টাৰ চুক্তিত “দুর্নীতিৰ” অভিযোগ কৰা হয় ।

প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু তেওঁৰ চৰকাৰক অগাষ্টা ৱেষ্টলেণ্ড আৰু ইয়াৰ মূল কোম্পানি ফিনমেকানিকাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ কৰা হয় । কংগ্রেছৰ প্রাক্তন সভাপতিয়ে কয়, ইউপিএ-২ ৰ শাসনকালত বিজেপিয়ে এই চুক্তিক দুর্নীতিগ্রস্ত বুলি কৈছিল, অথচ বিজেপিয়ে এতিয়া সেই চুক্তিৰেই হেলিকপ্টাৰ কিনিছে । তেন্তে, পদ্ম শিবিৰৰ স’তে ‘গোপন চুক্তি’ হৈছে নেকি ইটালীয় মহাকাশযান তৈয়াৰ কৰা সংস্থাৰ ? এইবাৰ সেই প্রশ্নই উত্থাপন কৰিলে ছোনিয়া-পুত্র‌ই ৷

এটা টুইটত মোদী চৰকাৰক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে কয়, “আগতে অগাষ্টা দুর্নীতিগ্রস্ত আছিল, এতিয়া বিজেপিয়ে লন্ড্রিত ধোৱাৰ পাছত এইটো পৰিষ্কাৰ হৈ পৰিছে ।” তাৰ পাছত ৰাহুলে “#RIPlogic” হেছটেগো ব্যৱহাৰ কৰিছে । প্রসংগত ২০১৪ত ১২টা AW-101 VVIP চপাৰ সৰবৰাহ কৰাৰ কথা আছিল । সেই সময়ত এই চুক্তি বাতিল হয় । বিজেপি নেতাসকলে কংগ্রেছক দোষাৰোপ কৰি কৈছিল যে, দলৰ নেতাসকলে চুক্তিৰ বাবে ৪৫০ কোটি উৎকোচৰ ধন নোপোৱাৰ বাবেই চুক্তি বাতিল হৈছে ।

কিন্তু এইবাৰ বিজেপি চৰকাৰে সেই সংস্থাৰ পৰাই হেলিকপ্টাৰ ক্ৰয় কৰাৰ বাবে উভতি ধৰিছে কংগ্রেছে । এই সন্দৰ্ভত কংগ্রেছৰ প্রধান মুখপাত্র ৰণদীপ সুৰজেৱালাই সোমবাৰে কৈছিল, এইবাৰ মোদী চৰকাৰ আৰু অগাষ্টা/ফিনমেকানিকাৰৰ মাজত ‘গোপন চুক্তি’ হৈছে নেকি ? তেওঁলোকৰ প্রশ্ন ইউপিএ-ৰ আমোলত যাক দুর্নীতিগ্রস্ত বুলি কৈছিল, সেই সংস্থাৰ পৰাই কেনেদৰে চপাৰ কিনিছে মোদী চৰকাৰে ।

উল্লেখ্য, ২০১৬ত, ইটালীয়ান গ্রুপ ফিনমেকানিকাই কোম্পানীৰ নাম পৰিৱর্তন কৰি লিওনার্দো কৰিছে । কংগ্রেছৰ মুখপাত্র গৌৰব বল্লভে অভিযোগ কৰিছে যে, প্রধানমন্ত্রী মোদী আৰু তেওঁৰ চৰকাৰে ‘মেক ইন ইণ্ডিয়া’-ৰ অংশ হিচাপে এসময়ৰ ব্লেক লিষ্টেড অগাষ্টা ৱেষ্টলেণ্ডক অন্তর্ভুক্ত কৰিছে । ইয়াৰ উপৰি, ভাৰতীয় নৌবাহিনীৰ বাবে ১০০টা হেলিকপ্টাৰ কিনিবলৈ নতুন চুক্তি কৰাৰ অনুমতিও দিছে ।

Exit mobile version