প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ তিনিচুকীয়াৰ পৰা দিল্লী অভিমুখে যোৱা ৰাজেশ মহানন্দ উপস্থিত হয় বঙাইগাঁৱত

তিনচুকীয়াৰ ডুমডুমাৰ পৰা খোজকাঢ়ি প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ ওলোৱা যুৱকে খোজকাঢ়ি আহি পালে বঙাইগাঁও চহৰ। আদীবাসী সমস্যা সমাধানৰ দাবীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব এইজন যুৱক ৰাজেশ মহানন্দই।

তিনিচুকীয়াৰ জিলাৰ ডুমডুমাৰ পৰা খোজ কাঢ়ি আহি বঙাইগাঁওত উপস্থিত হ’ল ৰাজেশ মহানন্দ নামৰ এইজন যুৱক। হাতত ভাৰতৰ জাতীয় পতাকালৈ দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে যাত্ৰা আৰম্ভ কৰিছে যুৱকজনে।

১৪ দিন খোজ কাঢ়ি বঙাইগাঁওৰ বীৰঝৰা চাহ বাগিছাত উপস্থিত হয় ৰাজেশ মহানন্দ নামৰ যুৱকজন। আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যে খোজ কাঢ়ি দিল্লীলৈ যাব যুৱকজন।

প্ৰায় তিনিটা মাহ সময় লাগিব দিল্লী উপস্থিত হ’বলৈ যুৱক জনক। ইপিনে বীৰঝৰা চাহ বাগিছাৰ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই বিশেষ ভাৱে সম্ভাষণ জনায় ৰাজেশক।

Exit mobile version