শীতকালত শ্বাস-প্ৰশ্বাসৰ ৰোগ অধিক সচৰাচৰ হয় কিয়নো মানুহে ঘৰত অধিক সময় অতিবাহিত কৰে, যাৰ ফলত বীজাণু এজন ব্যক্তিৰ পৰা আন এজনলৈ সহজে বিয়পে।
তদুপৰি, এই সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা কম হয়, যাৰ ফলত শৰীৰ দুৰ্বল হৈ পৰে। শীতকালত, লোকসকলে কাহ, ফ্লু আদিৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাত অধিক ভোগে। এই ধৰণৰ ৰোগৰ প্ৰাথমিক লক্ষণবোৰ কি-
(১)চৰ্দি-কাহ
সাধাৰণ চৰ্দি-কাহত আক্রান্ত হ’লে ঘনে ঘনে হাঁচি আৰু কাহ হ’ব পাৰে। লগতে ডিঙিত খজুৱতি, মৃদু জ্বৰ, চৰ্দি আৰু হাত-ভৰিৰ বিষ আদি বিভিন্ন লক্ষণ আছে।
(২)ফ্লু
জ্বৰ, শৰীৰৰ বিষ, হাঁচি, ডিঙিৰ বিষ, ভাগৰ, মুৰৰ বিষ ফ্লুৰ লক্ষণ। ফ্লুৰ ফলত বমি বা ডায়েৰিয়াও হ’ব পাৰে।
(৩)নিউমোনিয়া
নিউমোনিয়াই হাঁওফাঁও সংক্ৰমিত কৰে। ইয়াৰ উপৰিও নিউমোনিয়াৰ ফলত জ্বৰ, শ্লেষ্মা, কাহ, ভোক নোহোৱা, উশাহ চুটি হোৱা, বুকুৰ বিষ ইত্যাদি হ’ব পাৰে।
(৪) ব্ৰংকাইটিছ
ব্ৰংকাইটিছৰ প্ৰাৰম্ভিক লক্ষণবোৰ হৈছে শ্লেষ্মাযুক্ত সঘনাই কাহ,কফ,এনাৰ্জী হ্ৰাস হোৱা, উশাহ লোৱাৰ সময়ত শব্দ। বহুতৰ ভৰি বা গোৰোহা ফুলা আদিৰ দৰে লক্ষণো হয়।