অচিৰেই বজাৰলৈ আহি আছে ভিভােৰ ৱাই৭৬এছ শীর্ষক এক বিলাসী স্মার্টফোন মডেল। বর্তমানে এই স্মার্টফোনটো চীনৰ বজাৰত মুকলি কৰা হৈছে আৰু অচিৰেই ইয়াক ভাৰততাে মুকলি কৰা হব।
ভিভাে ৱাই৭৬এছ তিনিটা ৰঙৰ বিকল্পত উপলব্ধ হব। সেইকেইটা হৈছে, গেলেক্সী ব্ল, ষ্টাৰ ডায়মণ্ড হােৱাইট আৰু ষ্টাৰী নাইট ব্লেক। এই ফোনটোৰ গুৰুত্বপূর্ণ সুবিধাবােৰৰ ভিতৰত আছে ৫০ মেগাপিক্সেল কেমেৰা আৰু ৪৪ ৱাট ফাষ্ট চার্জিং।
ফোনটোত অক্টা-কোৰ মিডিয়াটেক ডিমেনচিটি ৮১০ প্রচেছৰ আছে, যাৰ স’তে ২৫৬ জিবিলৈকে অনবর্ড ষ্টোৰেজ ৰাখিব পাৰি। ভিভাে ৱাই৭৬এছ চেলফি কেমেৰাৰ বাবে বিশেষ সুবিধাৰ হব বুলি জনাইছে কোম্পানীটোৱে।
ইয়াত ৱাটাৰড্রপ-ষ্টাইল নচ ডিজাইন আৰু ডুৱেল ৰিয়াৰ কেমেৰাৰাে সুবিধা আছে। ডুৱেল-ছীম সমর্থিত ভিভাে ৱাই৭৬এছ এনড্রইড 11 অপাৰেটিং ছিষ্টেমত ছফটৱেৰ হ’ব।






























