ৰাজস্থানৰ সীমান্তবর্তী বাৰমেৰ জিলাৰ দেৰছাৰ গাঁৱত কোনাে পুৰুষে বহু বিবাহ নকৰালে সামাজিক বর্জনৰ সন্মুখীন হ’ব লাগে। যুগ যুগ ধৰি এইখন গাঁৱত এই নিয়ম প্রচলিত হৈ আহিছে।
পাকিস্তান সীমান্তত অৱস্থিত এই গাঁৱত প্রায় ৬০০ জন লােকে বাস কৰে। প্ৰতিটো পৰিয়ালৰে পুৰুষে একাধিক বিবাহ কৰায়। অন্ততঃ দুগৰাকী পত্নী গ্রহণ কৰে গাঁৱৰ প্রতিজন পুৰুষে।
কিন্তু কিয় এই ৰীতি গাঁওখনত প্ৰচলিত হৈ আহিছে। দৰাচলতে প্রতিজন পুৰুষে দুগৰাকী পত্নী গ্ৰহণ কৰাৰ আঁৰত জড়িত হৈ আহিছে কুসংস্কাৰ। স্থানীয় বাসিন্দাসকলৰ বিশ্বাস যে প্রথমা পত্নী সন্তান ধাৰণত অক্ষম আৰু সেয়েহে প্রথমা পত্নীক কার্যতঃ পৰিয়ালৰ পৰিচাৰিকা হিচাপে ৰখা হয়।
দ্বিতীয় বিবাহৰ পাছত স্বামীৰ নতুন পত্নীৰ সেৱা কৰাটো প্রথমা পত্নীৰ মূল ধর্ম হয়। স্বামীয়ে প্রথমা পত্নীৰ স’তে শাৰীৰিক সম্পর্কও নাৰাখে। বহু বছৰ পূর্বে এই ৰীতিৰ সূত্রপাত হৈছিল গাঁওখনত।
সেই সময়ত গাঁৱৰ এক দম্পতীয়ে বিবাহৰ কে’বাবছৰ পাছতো সম্ভন লাভ কৰিব পৰা নাছিল। পৰিয়ালৰ পৰামর্শত পুৰুষজনে দ্বিতীয় বিবাহ সম্পন্ন কৰে আৰু ইয়াৰ পাছতে তেওঁৰ ভাগ্য সলনি হ’বলৈ ধৰে।
দ্বিতীয় বিবাহৰ পাছতে ব্যক্তিজনৰ দুই পত্নীয়ে গর্ভধাৰণ কৰে। এই ঘটনাৰ পাছতে দেৰছাৰ গাঁৱত পুৰুষৰ ক্ষেত্ৰত কমেও দুবাৰকৈ বিবাহ কৰােৱাৰ নিয়ম প্ৰৱৰ্তন হৈছিল।
গাঁওবাসীৰ অন্ধবিশ্বাস যে দুবাৰ বিবাহ কৰালে পুৰুষে সন্তান প্রাপ্তিৰ পৰা বঞ্চিত হ’ব নালাগে। কোনাে পুৰুষে দ্বিতীয় পত্নী গ্ৰহণ কৰিব নিবিচাৰিলে তেনে পুৰুষক গাঁওখনত এঘৰীয়া কৰা হয়।
অৱশ্যে কেৱল সন্তান ধাৰণে নহয়। দেৰছাৰ গাঁৱত প্ৰচলিত এই ৰীতিৰ আঁৰত আন এক কৰুণ কাহিনীও আছে। থৰ মৰুভূমিৰ মাজত থকা এই গাঁৱত পানীৰ বৰ অভাৱ।দেৰছাৰত পানীয় পানী পােৱা নাযায়।
গাঁৱবাসীয়ে পানী সংগ্ৰহৰ বাবে কে’বা কিলােমিটাৰ পথ অহা-যােৱা কৰিব লাগে। কোনাে গৰ্ভৱতী মহিলাৰ বাবে ইমান দূৰ খােজ কাঢ়ি পানী সংগ্রহ কৰাটো সম্ভৱ নহয়। সেয়েহে দেৰছাৰত প্ৰথমা পত্নীক গৰ্ভধাৰণ কৰিবলৈ স্বামীৰ পৰিয়ালে অনুমতি নিদিয়ে আৰু গৰ্ভধাৰণৰ বাবে পুৰুষে দ্বিতীয় পত্নী গ্ৰহণ কৰে।
গাঁওখনৰ মহিলাসকলেও এই নিয়ম মানি চলি আহিছে ।প্ৰথমা পত্নীয়ে স্বামীৰ স’তে এইক্ষেত্ৰত সহযােগিতা কৰাৰ লগতে স্বামীৰ দ্বিতীয় পত্নীৰ সেৱাও কৰি আহিছে।
দ্বিতীয় পত্নী গর্ভবতী হ’লে প্রথমা পত্নীয়ে পৰিচৰ্যা কৰে। মৰুভূমিৰ মাজেৰে প্ৰচণ্ড ৰ’দত প্রায় পাঁচ কিলােমিটাৰ খােজ কাঢ়ি পানী সংগ্রহ কৰে প্ৰথমা পত্নীয়ে।
দেৰছাৰ গাঁৱত প্ৰথমা পত্নী পৰিচিত হয় ‘জল স্ত্রী’ নামেৰে। অৱশ্যে নামতহে প্রথমা পত্নী বুলি কোৱা হয়, আচলতে প্রথমা পত্নীয়ে ৰাজস্থানৰ এই গাঁৱত পৰিয়ালৰ পৰিচাৰিক হিচাপে জীৱন অতিবাহিত কৰিব লগা হয়।