Jammu and Kashmir : কাশ্মীৰত ভুৱা আৰক্ষী সংঘর্ষত হত্যাৰ অভিযোগত তদন্তৰ নির্দেশ লেফটেনেণ্ট গভর্নৰৰ

1637223406 kashmir afp

শ্রীনগৰত আৰক্ষী ভুৱা সংঘর্ষৰ অভিযোগ পৰ্যবেক্ষণ কৰিবলৈ মেজিষ্ট্ৰেট পর্যায়ৰ তদন্তৰ নির্দেশ দিলে জম্মু আৰু কাশ্মীৰৰ লেফটেনেন্ট গভর্নৰ মনোজ চিন্‌হাই । বৃহস্পতিবাৰে চৰকাৰীভাৱে এই নির্দেশনা জাৰি হৈছে ।

লেফটেনেন্ট গভর্নৰে জনাইছে, অভিযোগৰ নিৰপেক্ষ তদন্ত আৰু ন্যায়বিচাৰ হ’ব । টুইটাৰচ তেওঁ লিখে, ‘‘হায়দৰপোৰাত আৰক্ষী সংঘর্ষৰ ঘটনাত অতিৰিক্ত জিলা প্ৰশাসক পর্যায়ৰ এক প্রশাসনিক বিষয়াৰ নেতৃত্বত মেজিষ্ট্ৰেট পর্যায়ৰ তদন্তৰ নির্দেশ দিয়া হৈছে । নির্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিবেদন জমা দিয়া হ’ব আৰু চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব । জম্মু আৰু কাশ্মীৰ প্রশাসনে পুনৰ নিৰপৰাধ নাগৰিকসকলৰ জীৱন ৰক্ষাৰ প্রতিশ্রুতি দিছে । অংগীকাৰ কৰিছে, কাৰো অন্যায় নহয় ।’’

সোমবাৰে নিশা শ্রীনগৰৰ হায়দৰপোৰাত এটা বাণিজ্যিক ভৱনত আৰক্ষীৰ স’তে হোৱা সংঘর্ষত চাৰিজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে বুলি চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হয় । নিহতসকলৰ ভিতৰত আছে ৰামবন জিলাৰ বাসিন্দা আমিৰ মাগৰে । আমিৰৰ পিতৃ আব্দুল লতিফ মাগৰে ২০০৫ ত এজন সন্ত্ৰাসবাদীক শিল দলিয়াইছিল । এতিয়াও অঞ্চলটোৰ সন্ত্ৰাস-বিৰোধী গাঁওবাসী গোষ্ঠীৰ সক্রিয় সদস্য তেওঁ । লতিফৰ দাবী, তেওঁৰ পুত্ৰৰ স’তে সন্ত্ৰাস গোষ্ঠীৰ কোনো সম্পৰ্ক নাছিল । শ্রীনগৰৰ এটা দোকানত কাম কৰিছিল আমিৰ । তেওঁক ভুৱা অভিযোগত সংঘর্ষৰ ‌ৰূপ দি হত্যা কৰা হৈছে ।

সোমবাৰৰ ‘সংঘর্ষ’ত নিহতসকলৰ ভিতৰত পাকিস্তানি সন্ত্ৰাসবাদী হায়দৰো আছে বুলি জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জনাইছে । আন দুই নিহতৰ নাম আলতাফ বাট আৰু মুদাছিৰ গুল । আলতাফ সেই বাণিজ্যিক ভৱনৰ স্বত্বাধিকাৰী । তেওঁৰ সেই ভৱনত এটা দপ্তৰ আছিল । মুদাছিৰ দন্তচিকিৎসক আৰু ব্যৱসায়ী । হায়দৰপোৰাৰ সেই ভৱনত তেওঁ এটা ‘কম্পিউটাৰ চেন্টাৰ’ চলাইছিল । প্রথমে তেওঁলোকক সন্ত্ৰাসবাদী গোষ্ঠীৰ সহযোগী হিচাপে চিহ্নিত কৰিলেও পাছত জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা জনোৱা হয় গুলিযুদ্ধৰ মাজত পৰি এই দুই নাগৰিকৰ মৃত্যু হৈছে ।

আলতাফ আৰু মুদাছিৰৰ পৰিয়ালৰ সদস্যসকলে ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীত অৱস্থান ধৰ্মঘট কৰিব বিচাৰিলেও আৰক্ষীয়ে বাধা প্ৰদান কৰে । জম্মু আৰু কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেত্রী মেহবুবা মুফতিয়ে নিহতসকলৰ পৰিয়ালক দেখা কৰিবলৈ যোৱাৰ পাছত তেওঁক গৃহবন্দী কৰা হয় বুলি অভিযোগ । জম্মু আৰু কাশ্মীৰৰ আন এক প্রাক্তন মুখ্যমন্ত্রী তথা নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আবদুল্লাই এই ঘটনাৰ প্রতিবাদ কৰে ।

উল্লেখ্য, চাকৰিত পদোন্নতি আৰু বাহ বাহ পোৱাৰ লোভত নিৰীহ গাঁওবাসীক সন্ত্ৰাসবাদী আখ্যা দি হত্যা কৰাৰ অভিযোগ নিৰাপত্তাবাহিনীৰ বিৰুদ্ধে আগতেও উঠিছে উপত্যকাত । চলিত বৰ্ষৰ জানুৱাৰীটো শ্রীনগৰত তিনি নিৰীহ যুৱকক সংঘর্ষে ৰূপ দি হত্যা কৰাৰ অভিযোগ উঠিত্থাপিত হৈছিল আৰক্ষীৰ বিৰুদ্ধে ।

Exit mobile version