ইচ্ছা কৰিলেই হেনাে ঈশ্বৰত পৰিণত হ’ব পাৰি। এই কথাই বিশ্বা কৰিছিল একালৰ মিছৰৰ ৰজা বা ফাৰাওসকলে। পুনর্জন্মত বিশ্বাসী ফাৰাওসকলে এফালে যিদৰে এদিন পুনৰ জীৱিত হৈ উভতি অহাৰ আশাৰে পিৰামিড নির্মাণ কৰাইছিল, সেইদৰে নির্মাণ কৰাইছিল সূর্য মন্দিৰাে।
তেওঁলােকৰ দৃঢ় বিশ্বাস আছিল যে সূৰ্য্য মন্দিৰ নিৰ্মাণ কৰিলেই ঈশ্বৰত পৰিণত হ’ব পাৰি ।পুণ্যৰ ভাগ সকলোৱে ল’ব বিচাৰিছিল। সেয়ে এটা প্ৰজন্মই নির্মাণ কৰা মন্দিৰৰ সলনি নতুনকৈ মন্দিৰ সজাইছিল ফাৰাওসকলে।বছৰৰ পাছত বছৰ ধৰি নির্মাণ হৈছিল সূর্য মন্দিৰ।
মিছৰৰ ইতিহাস অনুসৰি, এই ধৰণৰ কমেও ছটা সূর্যদেৱতাৰ মন্দিৰ আছিল মিছৰত। অৱশ্যে তাৰ ভিতৰত চাৰি মন্দিৰৰ সন্ধান আজিকোপতি ওলােৱা নাই। ১২৩ বছৰৰ পূর্বে প্রথমটো মন্দিৰৰ সন্ধান পােৱা গৈছিল। কিছুদিন পূর্বে সন্ধানওলাইছে দ্বিতীয়টো মন্দিৰৰ ।
কাইৰ’ৰ পৰা মাত্ৰ ১২মাইল দক্ষিণৰ আবু গুৰাব অঞ্চলত আছে প্রথমটো সূর্য মন্দিৰ। এই আবু গুৰাবৰ ছেৰ সূর্য মন্দিৰৰ তলতে ঢাক খাই আছিল সদ্য আৱিষ্কৃত মন্দিৰটো। ‘পলিছ একডেমী অৱ ছায়েন্সেছ ইনষ্টিটিউট ফৰ মেডিটেৰিয়ান এণ্ড অৰিয়েণ্টেল কালছাৰ’ৰ তৰফৰ পৰা কিছুদিনৰ পূর্বে উক্ত স্থানতত খননকার্য চলাইছিল।
এই অভিযানৰ নেতৃত্ব দিছিল মিছৰতত্ত্বৰ অধ্যাপক মাছিমিলান’ নুজল’ৱে। তেওঁ জনােৱা মতে এই পর্যন্ত পুৰণি সূর্যমন্দিৰটোৰ সামান্য অংশহে দেখা গৈছে। অৱশে যিখিনি দেখা গৈছে, তাৰ পৰাই মিছৰৰ ইতিহাসৰ এক নতুন দিশৰ সন্ধান দিব পাৰে বুলি নুজল’ৱে ধাৰণা কৰে।
উল্লেখ্য যে মিছৰত পিৰামিডৰ পৰা আৰম্ভ কৰি বিভিন্ন আৰাধ্য দেৱতাৰ মন্দিৰ অধিকাংশ ক্ষেত্ৰতে পাথৰৰ দ্বাৰা নির্মাণ কৰা হয়। অৱশ্যে পুৰণি সূর্যমন্দিৰটো পাখৰৰ পৰিৱর্তে মাটিৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল। খননকার্য চলােৱাৰ পাছত প্রত্নতাত্ত্বিকসকলে বহুতাে পাথৰৰ স্তম্ভৰ ভেটিপ্রস্তৰাে পাইছে।
যাৰ পৰাই অনুমান কৰা হৈছে যে মন্দিৰটো ভাঙি তাৰ ওপৰতে নির্মাণ কৰা হৈছিল প্রথমে আৱিষ্কাৰ হােৱা নতুন মন্দিৰটো। সেই সময়তে ভঙা হৈছিল স্তম্ভসমূহ। পুৰণি মন্দিৰটো পৰীক্ষা কৰি প্রত্নতাত্ত্বিকসকলে জনাইছে যে সেই মন্দিৰটো কমেও ৪৫০০ বছৰৰ পূর্বে নির্মাণ কৰা হৈছিল।
মন্দিৰৰ ভিতৰত সেই সময়ৰ বহুতাে সুৰাৰ পাত্রও পােৱা গছে। পােৰা মাটিৰে তৈয়াৰী এই সুৰাৰ পাত্ৰসমূহৰ কোনােবাটোত মাটিও ভর্তি হৈ আছিল। নুজল’ৱে কয় যে সেইবােৰ সূর্যদেৱতাক পূজা কৰাৰ কোনাে ৰীতি-নীতিও হ’ব পাৰে। মিছৰৰ ৰজা ছেৰৰ দ্বাৰা নির্মাণ কৰা সূর্যমন্দিৰটো পৰিচিত হৈ আছে ছেৰ সূর্যমন্দিৰ নামেৰে।
ছেৰ আছিল মিছৰৰ পঞ্চম সাম্রাজ্যৰ ষষ্ঠ ফাৰাও। এই সাম্রাজ্যৰ ফাৰাওসকলে আঢ়ৈ হেজাৰ খ্রীষ্ট পূর্বাব্দত মিছৰত ৰাজত্ব কৰিছিল। ছেৰৰ ৰাজত্বকাল আছিল ২৪০০ খ্রীষ্টপূর্বৰ পৰা ২৩৭০ খ্রীষ্টপূর্ব পর্যন্ত। ঐতিহাসিকসকলৰ মতে,পুৰণি সূর্যমন্দিৰটো নিৰ্মাণ কৰা হৈছিল ছেৰৰ ৰাজত্বকালৰ পৰা কমেও দুটা প্রজন্মৰৰ পূর্বে।
সম্ভৱতঃ পঞ্চম সাম্রাজ্যৰ তৃতীয় বা চতুর্থ ফাৰাওৰ আমােলত সেই মন্দিৰ নিৰ্মাণ কৰিছিল। হয়তাে শেষ বয়সত সেই ফাৰাওৰ মনত ঈশ্বৰত পৰিণত হােৱাৰ হাবিয়াস জন্মিছিল। প্রত্নতাত্ত্বিকসকলে ধাৰণা কৰে যে সেই ফাওজনে যথেষ্ট লৰালৰি কৰি সেই সূর্যমন্দিৰটো নির্মাণ কৰাইছিল।
সেয়ে পাথৰৰ পৰিৱর্তে ব্যৱহাৰ কৰিছিল সহজ বহনযােগ্য মাটিৰ ইটা। নুজল’ৱে ধাৰণা কৰিছে যে সূর্যমন্দিৰৰ পৰা আৰু অনেক তথ্য জানিব পৰা যাব। নুজল’ৱে কয়, ‘সেই সময়ত মিছৰীয়সকলে কিদৰে জীৱন-যাপন কৰিছিল, কি খাইছিল, কি পান কৰিছিল এই সকলােবােৰ তথ্য জনা যাব সেই মন্দিৰৰ ধ্বংসাৱশেষৰ পৰা।’ সম্প্রতি সকলােৱে মন্দিৰৰ খননকার্য সম্পূর্ণ হােৱাৰ অপেক্ষাত আছে।