জম্মুত কৰ্তব্যৰত অৱস্থাত মৃত্যু বিএছ এফ জোৱানৰ

তামাৰহাটত শোকাকুল পৰিৱেশত সামৰিক মৰ্যদাৰে অন্তিম সৎকাৰ

WhatsApp Image 2021 11 23 at 8.12.05 PM 2

জম্মুৰ ৰজৰী জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বিএছ এফ জোৱান গৌৰীশংকৰ ৰায়ৰ আজি তামাৰহাট নিজ গৃহত শোকাকুল পৰিৱেশত সামৰিক মৰ্যদাৰে অন্তিম সৎকাৰ সম্পন্ন কৰা হয় । গৌৰীশংকৰ ৰায় ৫৯ নম্বৰ বি এছ এফৰ জোৱানজনে তিনি বছৰ ধৰি জম্মুত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ জোৱান হিচাপে কৰ্তব্যত নিয়োজিত আছিল ।

যোৱা ১১নৱেম্বৰৰ দিনা পুৱা কৰ্তব্যৰত অৱস্থাত হঠাৎ জোৱানজনৰ মাইণ্ড ষ্ট্ৰক হয় আৰু লগে লগে তেওঁক জম্মুৰ ৰজৰী জিলাত থকা জি এম চি চিকিৎসালয়ত ভৰ্তি কৰা হয় । চিকিৎসালয়ত ভৰ্তি কৰায় যদিও মৃত্যুৰ লগত যুঁজি অৱশেষত ২০ নৱেম্বৰ তাৰিখে পুৱা ১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

জম্মুৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে প্ৰথমে দিল্লী পাছত গুৱাহাটীলৈ লৈ আনি জোৱানজনক সামৰিক মৰ্যাদা প্ৰদান কৰে । তিনিদিন পাছত গৌৰীশংকৰৰ মৃত দেহলৈ ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ এটা দলে ধুবুৰী জিলাৰ তামাৰহাটত থকা নিজ গৃহলৈ লৈ অহাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।

ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ দলটোৱে মৃতদেহক সামৰিক মৰ্যাদা প্ৰদান কৰাৰ লগতে সম্পূৰ্ণ হিন্দু ৰীতি মতে তামাৰহাট ৰাজহুৱা শ্মসানত অন্তিম সৎকাৰ কৰা হয় । মৃত্যুৰ সময়ত গৌৰীশংকৰে পত্নীৰ স’তে দুই নাবালক ল’ৰা ইহ সংসাৰত এৰি থৈ যায় ।

Exit mobile version